Jignesh Mevani Arrested: জিগনেছ মেৱানীক আজি কোকৰাঝাৰৰ চিজেএম নিকুঞ্জ বড়োৰ আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷
Jignesh Mevani Arrested: জিগনেছ মেৱানীক আজি কোকৰাঝাৰৰ চিজেএম নিকুঞ্জ বড়োৰ আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷
গুজৰাটৰ দলিত নেতা জিগনেছ মেৱানী (Jignesh Mevani)ক গ্ৰেপ্তাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে । গুজৰাট (Gujarat)ৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা কালি নিশা ১১:৪০ বজাত গুজৰাটৰ বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে । দেশৰ প্ৰধানমন্ত্ৰী (Prime Minister Narendra Modi)ক সাঙুৰি ১৮ এপ্ৰিলত বিধায়ক মেৱানীয়ে এটা বিতৰ্কিত টুইট কৰিছিল আৰু কোকৰাঝাৰৰ সদৰ থানাত বিটিচি (BTC)ৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । ইয়াৰ পিছতে কোকৰাঝাৰৰ উপ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল গুজৰাটত উপস্থিত হৈ জিগনেছ মেৱানীক আটক কৰি আহমেদাবাদ (Ahmedabad)ৰ পৰা আকাশী পথেৰে গুৱাহাটীলৈ আনে । তাৰ পিছত গুৱাহাটীৰ পৰা স্থল পথেৰে পোণে পোণে বিধায়ক মেৱানীক কোকৰাঝাৰ থানাত উপস্থিত কৰোৱাৰ পিছত আজি আদালতত হাজিৰ কৰোৱায় ।
আনহাতে কংগ্ৰেছৰ বিধায়ক মেৱানীক আটক কৰি কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছত কোকৰাঝাৰ থানাৰ সন্মুখত আৰু কোকৰাঝাৰ আদালতৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ (Congress)ৰ নেতা গৰ্জন মুছাহাৰীৰ নেতৃত্বত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি আৰএছএছ মুৰ্দাবাদ, অসম আৰক্ষী হায় হায়, বিজেপিৰ দাদাগিৰি নচলিব ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।
কংগ্ৰেছ নেতা গৰ্জন মুছাহাৰীয়ে মেৱানীৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া অসাংবিধানিক, অগণতান্ত্ৰিক আখ্যা দি অসম পুলিচৰ কাম নাই নেকি বুলি প্ৰশ্নৰ উত্থাপন কৰে। ছিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা আৰু ধৰ্ষণকাৰী-হত্যাকাৰীক আটক কৰিব নোৱাৰে বুলি অসম আৰক্ষীক তুলাধুনা দিয়ে । তেওঁ লগতে বিনা চৰ্তে মেৱানীক মুক্তি দিয়াৰো দাবী তোলে । তদুপৰি প্ৰতিবাদী কংগ্ৰেছী সকলে অৰুপ কুমাৰ দে হায় হায়, বিজেপি (BJP) চৰকাৰ হায় হায়, ডাউন উইথ বিটিআৰ (BTR) আদি বিভিন্ন ধৰণৰ শ্লোগান দি বেনাৰ, প’ষ্টাৰ প্ৰদৰ্শন কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷
আনহাতে বিগত ১৯ এপ্ৰিলত এজাহাৰ দাখিল কৰাৰ পিছত ২০ এপ্ৰিলত অসম আৰক্ষীয়ে গুজৰাটত গৈ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্য পূৰ্বপৰিকল্পিত বুলিও একাংশ মহলে দাবী কৰিছে । বিশেষকৈ মেৱানীৰ জামিন ৰ বাবে অহা অধিবক্তা সকলে এয়া নিশ্চিত ভাৱে পৰিকল্পিত বুলি দাবী কৰিছে । আৰু তেওঁলোকে জামিনৰ যো-জা চলোৱা বুলি সদৰি কৰে ।
উল্লেখ্য যে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিধায়ক মেৱামীৰ বিৰুদ্বে ১২০(বি।)/১৫৩-(এ)/২৯৫ (এ)/৫০৪ /৫০৫(এ) (বি) (চি) (২) আইপিচি আৰ / ডব্লিউ চেকচন ৬৬ আইটি আইনৰ ধাৰাসমূহেৰে ১৮৩/২০২২ নংত এক গোচৰ ৰজু কৰা হৈছে ।
কোকৰাঝাৰ আৰক্ষীয়ে সুদূৰ গুজৰাটৰ বাডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্বে আপত্তিজনক মন্তব্য টুইটাৰযোগে প্ৰদান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি আজি কোকৰাঝাৰলৈ আনে৷ দেশৰ প্ৰধানমন্ত্ৰী মোডীক বিধায়ক গৰাকীয়ে গডছে (Nathuram Godse)ৰ ভক্ত বুলি ইতিকিংসুচক মন্তব্য প্ৰদান কৰিছিল৷ উল্লেখ্য যে কোকৰাঝাৰ সদৰ থানাত প্ৰায় তিনিঘন্টাজোৰা সোধা-পোছা আৰু অধিবক্তাৰ উপস্থিতিত চিকিৎসকে বিধায়ক গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ অন্তত পুনৰ সন্ধিয়া বিধায়ক মেৱানীক কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷
জিগনেছ মেৱানীক আজি কোকৰাঝাৰৰ চিজেএম নিকুঞ্জ বড়োৰ আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷
সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলৰ অধিবক্তা কংকন দাসে বিধায়কগৰাকীক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলি অভিযোগ কৰি টুইটাৰ আৰু এফআইআৰত থকা তথ্যৰ কোনো মিল নাই বুলি দাবী কৰে। আনপিনে অহা সোমবাৰে কংগ্ৰেছ দলে বিধায়ক গৰাকীৰ জামিন মঞ্জুৰ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court)ত আবেদন জনাব৷ উল্লেখ্য যে আৰক্ষীৰ জিম্মাত থকা তিনিদিন বিধায়ক গৰাকী কোকৰাঝাৰ ত্যাগ কৰিব নোৱাৰিব বুলিও অধিবক্তা গৰাকীয়ে জানিব দিয়ে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|