শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষীয়ে প্ৰায় ১৮ টন বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে। নাগালেণ্ডৰ পৰা ৬১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দুখন বৃহদাকাৰ ট্ৰাকত কলকাতালৈ নিবলৈ বুলি সৰবৰাহ কৰোঁতেই হালোৱাটিঙত জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।
HP 38 G 8397 আৰু PB 05 AL 4737 নম্বৰৰৰ ট্ৰাক দুখনত সৰবৰাহ কৰিছিল চুপাৰিখিনি। এই সন্দৰ্ভত আৰক্ষীয়ে শিৱসাগৰ ধাই আলিৰ ৰফিক আহমেদ( ৩৮), কুকুৰাপুঁহিয়াৰ আৰিফ আহমেদ (৩৮), লক্ষীমপুৰ লালুকৰ আইহেড আলী (৫৫), উত্তৰপ্ৰদেশৰ খাজুমুদ্দিন শেইখ(৫৫), আৰু লক্ষীমপুৰৰ মফিজুল ইছলাম নামৰ ব্যক্তিকেইজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।
লক্ষণীয় যে শিৱসাগৰত প্ৰথমবাৰৰ বাবে বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বাৰ্মিজ চুপাৰি সৰবৰাহৰ আঁৰত প্ৰকৃততে কোন জড়িত হৈ আছে তাৰ উচিত তদন্তৰ দাবী তুলিছে অসমীয়া যুৱ মঞ্চসহ বিভিন্ন দল-সংগঠনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|