• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণৰ চেইন হিচাপ কৰি ভাগৰ লাগিব, আঙুঠি, কাণফুলিৰ কথা বাৰু নকওঁৱেই! লক্ষ্মী পূজাৰ দিনাই যেন সোণাপুৰ আৰক্ষী চকীলৈ আহিল লক্ষ্মী!

সোণৰ চেইন হিচাপ কৰি ভাগৰ লাগিব, আঙুঠি, কাণফুলিৰ কথা বাৰু নকওঁৱেই! লক্ষ্মী পূজাৰ দিনাই যেন সোণাপুৰ আৰক্ষী চকীলৈ আহিল লক্ষ্মী!

জব্দ কৰা ধন-সোণৰ মূল্য দহ লাখৰো অধিক হ'ব।

জব্দ কৰা ধন-সোণৰ মূল্য দহ লাখৰো অধিক হ'ব।

জব্দ কৰা ধন-সোণৰ মূল্য দহ লাখৰো অধিক হ'ব।

  • Share this:
লক্ষ্মী পূজাৰ দিনাই সোণাপুৰ আৰক্ষী থানালৈ যেন লক্ষ্মীহে আহিল! থানাত উপচি পৰিল টকা আৰু সোণ-ৰূপেৰে। বৃহস্পতিবাৰে নিশা  সোণাপুৰ আৰক্ষীয়ে বলিয়াস্থান অঞ্চলত এক অভিযান চলাই অভিজিৎ দাস নামৰ এটা চোৰৰ গৃহৰ পৰা ১২ ডাল সোণৰ চেইন, সোণৰ কাণফুলি ৩৮টা ,আঙুঠি ১২টা, লেপটপ ২টা আদিৰ লগতে অন্যান্য বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ সহ নগদ পাচঁ লাখ টকা জব্দ কৰে। জব্দ কৰা ধন-সোণৰ মূল্য দহ লাখৰো অধিক হ'ব।



আচলতে শাৰদীয় আনন্দ উল্লাসৰ মাজতে নৱমীৰ নিশা সোণাপুৰৰ গোপাল পাল নামৰ এজন ব্যৱসায়ীৰ ঘৰত বৃহৎ পৰিমাণৰ ধন-সোণ চুৰি হোৱাৰ এক গোচৰ পঞ্জীয়ণ হৈছিল সোণাপুৰ থানাত। এই গোচৰৰ পম খেদি সোণাপুৰৰ আৰক্ষীয়ে নগাওঁ আৰক্ষীৰ সহযোগত নগাঁৱৰ পৰা দুজন গভাইট চোৰক আটক কৰিবলৈ সক্ষম হৈছিল। আটকাধীন অভিজিৎ দাস আৰু তাপস বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সংখ্যক ধন-সোণ জব্দ কৰিবলৈ সক্ষম হয়।
Published by:Himangshu Bhuyan
First published: