অসমীয়া গামোচাই জি আই (GI) টেগ লাভ কৰাৰ পিছতে অসমবাসীলৈ আন এক ভাল খবৰ আহিছে। আগন্তুক মাৰ্চ মাহৰ ভিতৰতে বড়ো জনগোষ্ঠীৰ “আৰনাই”য়েও লাভ কৰিব GI-টেগ।
২০২৩ বৰ্ষৰ প্ৰথম মাহতেই চৰকাৰে অসমৰ শিপিনী সকললৈ ভাল খবৰ লৈ আহিছে ৷ অসমৰ শিপিনীয়ে বোৱা বা নিৰ্মাণ কৰা গামোচা, পাজাৰ, আৰনাইকে ধৰি জাতি-জনগোষ্ঠীয় বস্ত্ৰবোৰ অসম চৰকাৰে ক্ৰয় কৰিব। যাৰ ফলত শিপিনীসকল হঁতাশাত ভূগিব লগাত নপৰিব আৰু ঘৰত বহিয়ে অসমৰ শিপিনী সকলে উচিত মূল্যও লাভ কৰিব। ইয়াৰ বাবে অসম চৰকাৰে “স্বনিৰ্ভৰ নাৰী” নামৰ এক আঁচনি মুকলি কৰিছে ৷ এই কথা সদৰি কৰিছে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্মই। অসমীয়া গামোচাই ইতিমধ্যে “GI টেগ” লাভ কৰিছে। ইয়াৰ পিছতে অসমৰ বড়ো জনগোষ্ঠীৰ “আৰনাই” খনেও অতি সোনকালে অৰ্থাৎ আগন্তুক মাৰ্চ মাহৰ ভিতৰতে “GI-টেগ” লাভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে অসমৰ থলুৱা আটাইখিনি বস্ত্ৰতেই যাতে GI টেগ লগাব পৰা যায় তাৰ বাবে চেষ্টা চলি আছে বুলিও তেখেতে জানিবলৈ দিয়ে।
ইফালে অসমীয়া গামোচাই GI টেগ লাভ কৰাৰ পিছতে বহিঃৰাজ্য বা বাহিৰৰ অন্য ঠাইৰ পৰা অসমলৈ গামোচা অহাটো বন্ধ হ’ব আৰু বাহিৰতো যদি গামোচা নিৰ্মাণৰ তথ্য চৰকাৰে লাভ কৰে তেতিয়া ভাৰত তথা অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ পৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।