"এটা ভয়াৱহ কাণ্ডৰ এয়া কেনেকুৱা ৰায়? আমি বিশ্বাসেই কৰিব পৰা নাই এই ৰায়ক ৷ কেনেকৈ কৰিম বাৰু? নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ মাজত ইমান তফাৎ কেনেকৈ?" —এনেকৈয়ে আৰম্ভ কৰিলে ময়ূৰী বৰাই ৷ ময়ূৰীয়ে তেতিয়া এম এ দি উঠিছে ৷
ঘটনা ২০১৭ চনৰ ৩১ মে'ৰ ৷ স্কুলৰ পৰা কৰ্তব্য সম্পাদন কৰি ঘৰমুখী হৈছিল ময়ূৰীৰ মাতৃ অৰ্ণমাই বৰা। এক জনশূন্য অঞ্চলত তেওঁক বলাৎকাৰ কৰি মৃতদেহ পেলাই দিয়া হৈছিল কপিলী নদীত। ৰুজু হৈছিল যমুনামুখ থানাত এক গোচৰ (Arnamai Bora Case)। যি গোচৰৰ নম্বৰ আছিল ৫২/২০১৭। আৰক্ষীয়ে তদন্ত চলাই মইনুল হক আৰু ছেলিমউদ্দিন নামৰ দুই হত্যা আৰু বলাৎকাৰীক গ্ৰেপ্তাৰ কৰিছিল। দুয়োজন অপৰাধীৰ বিৰুদ্ধে ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধি অনুসৰি ৩০২/৩৪, ২০০১/৩৪, ৩৭৬ (এ) ধাৰাত গোচৰ ।
নিম্ন আদালতত আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা। ভালেসংখ্যক লোকৰ সাক্ষী লৈছিল নিম্ন আদালতে। নিম্ন আদালতে মইনুলক ফাঁচি আৰু ছেলিমউদ্দিনক দিছিল যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ৷ কিন্তু উচ্চ ন্যায়ালয় (Gauhati High Court)ত সকলো খেলিমেলি হৈ গ'ল ৷ ফাঁচিৰ সলনি অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰা মইনুলৰ শাস্তি তিনি বছৰৰ সশ্ৰম কাৰাদণ্ডলৈ হ্ৰাস হৈ গ'ল ৷
এই ৰায়ৰ পিছত স্বাভাৱিকতেই হতভম্ব হৈছে ময়ূৰীহঁত ৷ কিয় নহ'ব? ক'ৰবাত হত্যা-ধৰ্ষণ হোৱা বুলি উচপ খোৱা ময়ূৰীহঁতৰ মাকজনীক অতি বৰ্বৰতাৰে পৈশাচিকতাৰে ধৰ্ষণ, হত্যাৰ পিছত ইমানবোৰ সাক্ষীবাদী থকাৰ পিছত এনে ৰায়ৰ আশানো কোনে কৰে?
ময়ূৰীয়ে আকৌ ক'লে, "আমাৰ ঘৰবোৰ বৰ আঁতৰে আঁতৰে ৷ এখন ঘৰৰ পৰা আনখন ঘৰলৈ বহু দূৰ৷ মাৰ চাকৰি আৰু এটা বছৰহে আছিল তেতিয়া ৷ স্কুলৰ পৰা মা আহি থাকোঁতে সিহঁতে এই বৰ্ণনাতীত কামটো কৰিলে ৷ ভাগ্য ভাল আছিল মাৰ আমি মৃতদেহটো পালোঁ ৷ আমি বেলেগ সকলো কাম বাদ দি আদালতলৈ অহা-যোৱা কামকে কৰি আছোঁ ৷ এটা আশাৰেই কামবোৰ কৰি আছিলোঁ, দোষীয়ে নজিৰবিহীন শাস্তি পাওক৷ দ্বিতীয়জনে যাতে আৰু এনে কাম নকৰে, তেনে এক দৃষ্টান্তমূলক ৰায় আহক৷ কিন্তু এতিয়া ভয় হৈছে ৷ মুখামুখি হোৱাৰ ভয় ৷ সাক্ষী দিয়াসকলৰ সুৰক্ষাক লৈও এটা শংকা আহিছে ৷ তাৰ মাজতো এটাই ভাবিছোঁ আমি যুঁজিব লাগিব,আমি জিকিব লাগিব ৷ আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম ৷ সকলোৰে সহায় আমাক লাগিব ৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।