মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দোষী প্ৰমাণিত হ’লে অৰ্ণৱ গোস্বামীৰ হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল, মহাৰাষ্ট্ৰ চৰকাৰক তীব্ৰ সমালোচনা বিজেপিৰ 

দোষী প্ৰমাণিত হ’লে অৰ্ণৱ গোস্বামীৰ হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল, মহাৰাষ্ট্ৰ চৰকাৰক তীব্ৰ সমালোচনা বিজেপিৰ 

News18 Assam | News18-Assam
Updated:November 4, 2020, 3:20 PM IST
দোষী প্ৰমাণিত হ’লে অৰ্ণৱ গোস্বামীৰ হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল, মহাৰাষ্ট্ৰ চৰকাৰক তীব্ৰ সমালোচনা বিজেপিৰ 
মুম্বাই আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আলীবাগৰ দাখিল হৈ থকা ২০১৮চনৰ পুৰণি গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আলীবাগৰ দাখিল হৈ থকা ২০১৮চনৰ পুৰণি গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে।

  • Share this:
মুম্বাই আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আলীবাগৰ দাখিল হৈ থকা ২০১৮চনৰ পুৰণি গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ নং জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক। বুধবাৰে পুৱা প্ৰায় ৭ বজাত নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জ্যেষ্ঠ সাংবাদিকগৰাকীক। যদি গোচৰত অৰ্ণৱ গোস্বামী দোষী সাব্যস্ত হয়, তেন্তে ১০ বছৰ পৰ্যন্ত  জে’ল হ’ব পাৰে গোস্বামীৰ।


আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক শাৰীৰিক ভাবে অপদস্থ কৰাৰো অভিযোগ উত্থাপিত হৈছে। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰক। সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ লগতে মহাৰাষ্ট্ৰত বৰ্তমান জৰুৰীকালীন অৱস্থাৰ দৰে এক পৰিবেশ আৰম্ভ হৈছে সমালোচনা কৰিছে বিজেপিয়ে।



উল্লেখযোগ্য যে, অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুজন লোকে আত্মহত্যা কৰাত প্ৰৰোচনা কৰাৰ অভিযোগ। ২০১৮ চনত আলীবাগত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত ৰুজু কৰা হৈছিল গোচৰ।


অৰ্ণৱ গোস্বামী তথা অন্য দুজন ব্যক্তিয়ে বকেয়া ৰাশি নিদিয়াৰ কাৰণে ৫৩বছৰীয়া এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁৰ মাতৃৰ আত্মহত্যা সন্দৰ্ভত চিআইডিৰ দ্বাৰা পুনঃ তদন্ত কৰোৱাৰ আদেশ দিয়া হৈছিল। ৰাজ্যৰ গৃহ মন্ত্ৰী অনিল দেশমুখে কৈছিল যে, ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইকৰ কন্যা আজ্ঞা নাইকে দাবী কৰা মতে ৰায়গড় জিলাত আলীবাগ আৰক্ষীয়ে বকেয়া ৰাশি নিদিয়াক লৈ তদন্ত কৰা নাছিল। এইকাৰণে অন্বয় আৰু মাকে আত্মহত্যা কৰিছিল। প্ৰকাশিত তথ্য মতে, অন্বয় নাইকে লিখি থৈ যোৱা চুইছাইড নোটত কৈছিল যে, অভিযুক্তই তেওঁৰ ৫ কোটি ৪০লাখ টকা আদায় দিয়া নাছিল কাৰণে তেওঁ আত্মহত্যা কৰে। ৰিপাব্লিক টিভিয়ে এই অভিযোগ খাৰিজ কৰিছিল।


Published by: Himangshu Bhuyan
First published: November 4, 2020, 3:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি