মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News : হত্যাকাৰীৰ ৰূপত সেনাৰ কৰ্নেল, চাংসাৰিত মহিলাক হত্যাৰ অভিযোগত সেনা বিষয়া অমৃন্দৰ সিঙক গ্ৰেপ্তাৰ

Assam News : হত্যাকাৰীৰ ৰূপত সেনাৰ কৰ্নেল, চাংসাৰিত মহিলাক হত্যাৰ অভিযোগত সেনা বিষয়া অমৃন্দৰ সিঙক গ্ৰেপ্তাৰ

তেজপুৰৰ সেনাৰ  চতুৰ্থ ক'ৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কৰ্ণেলক।

তেজপুৰৰ সেনাৰ  চতুৰ্থ ক'ৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কৰ্ণেলক।

তেজপুৰৰ সেনাৰ  চতুৰ্থ ক'ৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কৰ্ণেলক।

  • Share this:

হত্যা-হিংসাই জোকাৰিছে ৰাজ্য। বন্দনা কলিতাৰ হত্যাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এক হত্যাকাণ্ডই লজ্জানত কৰিলে সভ্য সমাজক। এইবাৰ সাধাৰণ যদু-মধু নহয়, ভাৰতীয় সৈন্যৰ তেজপুৰস্থিত সেনা ছাউনীৰ কৰ্নেল পৰ্যায়ৰ বিষয়াই কৰিছে এই অপৰাধ।


উল্লেখ্য, ১৫ ফ্ৰেবুৱাৰীত এগৰাকী মহিলাৰ মৃতদেহৰ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু দহ দিনৰ মূৰত তদন্ত কৰি কামৰূপ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত সেনাৰ কৰ্ণেল অমৃন্দৰ সিং ৱালিয়াক গ্ৰেপ্তাৰ কৰে।


সেনা বিষয়াগৰাকীৰ ঘৰ পঞ্জাবত (Punjab)। ভাৰতীয় সৈন্যৰ তেজপুৰৰ সেনাৰ  চতুৰ্থ ক'ৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কৰ্ণেল অমৰেন্দৰ সিঙ ৱালিয়াক। জন সম্পৰ্কৰক্ষী বিষয়া অমৃন্দৰ সিং ৱালিয়াক শুকুৰবাৰে নিশা কামৰূপ আৰু শোণিতপুৰ আৰক্ষীয়ে জেৰা কৰাত তেওঁ স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা।


কামৰূপ আৰক্ষী (Kamrup Police) অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আজি আৰক্ষী অধীক্ষক কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি সদৰী কৰে হত্যাকাণ্ডৰ সকলো আঁতিগুৰি। সেনা বিষয়াগৰাকীৰ সৈতে চেন্নাইৰ বিবাহ বিচ্ছেদিত মহিলা বন্দনা শ্ৰীৰ সম্পৰ্ক গঢ় লৈ উঠে। এটি সন্তানৰ মাতৃ বন্দনাশ্ৰীৰ থকা প্ৰেমৰ সম্পৰ্কই পিছলৈ গতি কৰে এই পৰণতিলৈ।


আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে  অমৃন্দৰ সিং ৱালিয়াই হত্যাকাণ্ডৰ বলি বন্দনাশ্ৰীৰ চাৰি বছৰীয়া কন্যাক থৈ আহিছিল পশ্চিমবংগৰ হাওৰাত। বৰ্তমান কামৰূপ আৰক্ষীৰ জিম্মাত  শিশুটিৰ স'তে বন্দনাশ্ৰীৰ চেন্নাইৰ অভিভাৱক আছে। এই হত্যাকাণ্ড কিয় আৰু কাৰ সহযোগত কৰিছিল সেই সন্দৰ্ভত তদন্তৰ খাতিৰত আৰক্ষীয়ে ব্যক্ত কৰা নাই।

শেহতীয়া বাতৰি