দেশ সেৱকক বিদেশীৰ অপযশ! ছানাউল্লাহক গ্ৰেপ্তাৰক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব সেনা

ঈদৰ পূৰ্বে অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক মুকলি কৰি দিবলৈ দাবী জনাইছে পত্নীয়ে।

news18assam
Updated:June 1, 2019, 12:50 PM IST
দেশ সেৱকক বিদেশীৰ অপযশ! ছানাউল্লাহক গ্ৰেপ্তাৰক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব সেনা
ঈদৰ পূৰ্বে অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক মুকলি কৰি দিবলৈ দাবী জনাইছে পত্নীয়ে।
news18assam
Updated: June 1, 2019, 12:50 PM IST
ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া মহম্মদ ছানাউল্লাহক বিদেশী সজোৱা ঘটনা গুৰুত্ব সহকাৰে লৈছে নাৰেংগী সেনা শিবিৰৰ ৫১ ছাব এৰিয়াৰ মেজৰ জেনেৰেলে। বিদেশী ন্যায়াধীকৰণৰ ৰায়ৰ বিৰুদ্ধে মেজৰ জেনেৰেলগৰাকী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি পুৱাৰ ভাগত নাৰেংগী সেনা শিবিৰৰ ৫১ ছাব এৰিয়াৰ মেজৰ জেনেৰেলে মহানগৰীৰ সাতগাঁৱৰ সূৰ্যনগৰৰ বাসগৃহৰ পৰা ছানাউল্লাহৰ পত্নীক নাৰেংগীস্থিত সেনা শিবিৰলৈ মাতি নিয়ে। সমগ্ৰ বিষয়টোত সেনাই সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে ছানাউল্লাহৰ পত্নীক।

ইফালে, ছানাউল্লাহৰ পত্নী ছানিমা বেগমেও এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। সেনা বিষয়া হিচাপে ৩০ বছৰ সেৱা আগবঢ়োৱা ছানাউল্লাহক বিদেশী সজোৱা ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক দাবী জনাইছে পত্নী ছানিমা বেগমে। ঈদৰ পূৰ্বে অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক মুকলি কৰি দিবলৈ দাবী জনাইছে পত্নীয়ে। ১৯০৬, ১৯৩৬ আৰু ১৯৫১ চনৰ বৈধ নথি থকাৰ পিছতো সেনা বিষয়াজনক বিদেশী সজোৱাৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে বুলি অভিযোগ কৰে ছানাউল্লাহৰ পত্নীয়ে।

উল্লেখযোগ্য উত্তৰ গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীত ASIৰূপে কৰ্মৰত মহম্মদ ছানাউল্লাহক। ২০১৭ চনত সেনা বাহিনীৰ অনাৰেৰী কেপ্টেইন পদৰ পৰা অৱসৰ লৈছিল ছানাউল্লাহে। সেনা বাহিনীত থকা সময়ছোৱাত ৰাষ্ট্ৰপতি পদকো লাভ কৰিছিল ছানাউল্লাহে। ৩০ বছৰ সেনা বাহিনীত সেৱা আগবঢ়াই অৱসৰৰ পিছত অসম আৰক্ষীত যোগদান কৰিছিল তেওঁ। ২০০৮ চনৰ পৰা বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছিল ছানাউল্লাহৰ বিৰুদ্ধে। বৰ্তমান ডিটেনচন কেম্পত ৰখা হৈছে ছানাউল্লাহক।
আৰু চাওক পৰৱৰ্তী বাতৰি