মৃত্যুৰ পিছত সেনা জোৱানৰ দেহত ওলাল কোৰোণা পজিটিভ, উজনিত প্ৰথমটো মৃত্যুৰ ঘটনা

News18 Assam | News18-Assam
Updated:June 14, 2020, 11:46 PM IST
মৃত্যুৰ পিছত সেনা জোৱানৰ দেহত ওলাল কোৰোণা পজিটিভ, উজনিত প্ৰথমটো মৃত্যুৰ ঘটনা
দিনজান সেনা ছাউনীত মৃত জোৱানজনৰ সৈতে মুঠ চাৰিগৰাকী জোৱানৰ দেহত Covid-19 পজিটিভ পোৱা গৈছে।

দিনজান সেনা ছাউনীত মৃত জোৱানজনৰ সৈতে মুঠ চাৰিগৰাকী জোৱানৰ দেহত Covid-19 পজিটিভ পোৱা গৈছে।

  • Share this:
উজনিত মৃত্যু প্ৰথমজন কোৰোণা ৰোগীৰ। চাবুৱাৰ দিনজান সেনা ছাউনীত শনিবাৰে মৃত্যু কোৰোণাত আক্ৰান্ত এজন জোৱানৰ। মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভোগা জোৱানজনৰ ষ্ট্ৰ’ক হোৱাত ব্ৰেইন হেম’ৰেজ হৈছিল। লগে লগে সেনা জোৱানজনক যোৱা ১১ জুনৰ দিনা দিনজাত ছাউনীৰ সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে চিকিৎসালয়তে মৃত্যু হয় জোৱানজনৰ।

মৃত জোৱান জনৰ নমুনা পৰীক্ষাত Covid-19ৰ অৱস্থিতি ধৰা পৰে। ইফালে দিনজান সেনা ছাউনীত মৃত জোৱানজনৰ সৈতে মুঠ চাৰিগৰাকী জোৱানৰ দেহত Covid-19 পজিটিভ পোৱা গৈছে। অৱশ্যে ট্ৰেভেল হিষ্ট্রী থকাৰ বাবে জোৱান কেইজন দিনজান সেনা ছাউনীৰ ভিতৰতে কোৱাৰেণ্টাইনত আছিল। এই ঘটনাৰ পিছতে হাহাকাৰ লাগিছে দিনজান সেনা ছাউনীত।সেনাৰ তৰফৰ পৰা বৰ্তমানলৈ জোৱান কেইজনৰ পৰিচয় গোপনে ৰখা হৈছে।
First published: June 14, 2020, 11:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading