உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহিলাৰ সৈতে অসংযত অৱস্থাত সেনা জোৱান, ৰাইজে হাতে–লোটে ধৰি কৰিলে এই অৱস্থা

    মহিলাৰ সৈতে অসংযত অৱস্থাত সেনা জোৱান, ৰাইজে হাতে–লোটে ধৰি কৰিলে এই অৱস্থা

    স্থানীয় ৰাইজে সেনা জোৱানজনক উত্তম–মধ্যম দি মুছলপুৰ আৰক্ষীক খবৰ দিয়ে৷

    স্থানীয় ৰাইজে সেনা জোৱানজনক উত্তম–মধ্যম দি মুছলপুৰ আৰক্ষীক খবৰ দিয়ে৷

    স্থানীয় ৰাইজে সেনা জোৱানজনক উত্তম–মধ্যম দি মুছলপুৰ আৰক্ষীক খবৰ দিয়ে৷

    • Share this:
    বাক্সাৰ মুছলপুৰত অঘটন৷ নিশা ৰাইজে আটক কৰিলে এজন সেনা জোৱানক৷ এটা পৰিয়ালত এগৰাকী মহিলাৰে সৈতে অসংযত অৱস্থাত ৰাইজে হাতে–লোটে কৰি গতাই দিয়ে আৰক্ষীক৷ আটকাধীন জোৱানজন মুছলপুৰত থকা ভাৰতীয় সেনাৰ জাট ৰেজিমেণ্টৰ৷ সেনা জোৱানজনৰ নাম বিৰেশ৷ ঘৰ ৰাজস্থানত৷

    জানিব পৰা মতে, দেওবাৰে নিশা ভাৰতীয় সেনাৰ জোৱানজনে মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিপথাৰ গাঁৱৰ এগৰাকী বিধবা মহিলাৰ ঘৰত প্ৰৱেশ কৰা ৰাইজে প্ৰত্যক্ষ কৰে৷ বহু সময়লৈ সেনা জোৱানজন মহিলাগৰাকীৰ ঘৰৰ পৰা ওলাই নহাত ৰাইজে সন্দেহ কৰি প্ৰৱেশ কৰাত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে৷

    স্থানীয় ৰাইজে সেনা জোৱানজনক উত্তম–মধ্যম দি মুছলপুৰ আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সেনা জোৱানজনক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যায়৷ ইতিমধ্যে সেনা জোৱানজনে পূৰ্বেও মহিলাগৰাকীৰ ঘৰলৈ অহাৰ কথা স্বীকাৰ কৰে৷
    Published by:Sanjay Kumar Das
    First published: