মুখ্যপৃষ্ঠা »খবৰ »অসম »Tinsukia : তিনিচুকীয়াৰ লেখাপানীত হস্তনিৰ্মিত পিষ্টল লৈ যুৱকৰ টহল, আটক সেনাৰ

Tinsukia : তিনিচুকীয়াৰ লেখাপানীত হস্তনিৰ্মিত পিষ্টল লৈ যুৱকৰ টহল, আটক সেনাৰ

সেনাই যুৱকজনক লেখাপানী আৰক্ষী চকীত চমজাই দিয়ে ৷

সেনাই যুৱকজনক লেখাপানী আৰক্ষী চকীত চমজাই দিয়ে ৷

সেনাই যুৱকজনক লেখাপানী আৰক্ষী চকীত চমজাই দিয়ে ৷

  • Share this:
তিনিচুকীয়াৰ লেখাপানীত হস্তনিৰ্মিত পিষ্টল আৰু চাৰিজাঁই সজীৱ গুলীসহ এজন যুৱক আটক। যুৱকজন মাৰ্ঘেৰিটাৰ ডিবঙৰ বুলি সেনাৰ সূত্ৰত প্ৰকাশ। যুৱকজনৰ নাম সুভাষ ছেত্ৰী ৷

ঘটনাৰ বিৱৰণী মতে, যুৱকজনে পিষ্টলসহ লেখাপানী অঞ্চলত আজি কেইবাদিন ধৰি ঘূৰি ফুৰিছিল। এই বিষয়ে ভাৰতীয় সেনাৰ চোৰাংচোৱাই জানিব পাৰি নিৰীক্ষণ আৰম্ভ কৰে। মাৰণাস্ত্ৰ লৈ এইদৰে ঘুৰি ফুৰা সময়তে লেখাপানীৰ এক বিশেষ অঞ্চলৰ পৰা আটক কৰে যুৱকজনক আৰু জব্দ কৰে অস্ত্ৰ।

পৰৱৰ্তী সময়ত সেনাই যুৱকজনক লেখাপানী আৰক্ষী চকীত চমজাই দিয়ে ৷ বৰ্তমানে লেখাপানী আৰক্ষীয়ে ধৃত সুভাষ ছেত্ৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

শেহতীয়া বাতৰি