সেনাৰ ২৫ নং ৰাজপুতনা ৰাইফলছৰ কেপ্টেইন দেৱাংগভূষণ দাসে যোৱা বছৰ সীমান্তত দেখুওৱা সাহসিকতাৰ বাবে আগবঢ়োৱা হৈছে প্ৰশংসাসূচক সম্মান।
সেনাৰ ২৫ নং ৰাজপুতনা ৰাইফলছৰ কেপ্টেইন দেৱাংগভূষণ দাসে যোৱা বছৰ সীমান্তত দেখুওৱা সাহসিকতাৰ বাবে আগবঢ়োৱা হৈছে প্ৰশংসাসূচক সম্মান।
স্বাধীনতা দিৱসৰ (Independence Day 2021)দিনটোত বৰপেটা তথা অসমবাসীলৈ সুখবৰ ৷ সীমান্তত দেখুওৱা সাহসিকতাৰ বাবে দেশৰ স্বাধীনতা দিৱসৰ উপলক্ষ্যত কেপ্টেইন দেৱাংগভূষণ দাসলৈ সামৰিক বাহিনীৰ সৰ্বোচ্চ মুৰব্বীৰ (Army Chief) প্ৰশংসাসূচক সম্মান।
বৰপেটা চহৰৰ গান্ধীনগৰ নিবাসী তথা বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক দিলীপ দাস আৰু অৰ্থনীতি বিভাগৰ অধ্যাপিকা কৃষ্ণা দাসৰ কনিষ্ঠ সন্তান দেৱাংগভূষণ দাসে ডেৰাডুনস্থিত ভাৰতীয় সেনা একাডেমীৰ পৰা সুখ্যাতিৰে শিক্ষা সমাপ্ত কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল ৷ সেনাৰ ২৫ নং ৰাজপুতনা ৰাইফলছৰ কেপ্টেইন দেৱাংগভূষণ দাসে যোৱা বছৰ সীমান্তত দেখুওৱা সাহসিকতাৰ বাবে সামৰিক বাহিনীৰ সৰ্বোচ্চ মূৰব্বীৰ পৰা আগবঢ়োৱা হৈছে প্ৰশংসাসূচক সম্মান ।
দেৱাংগভূষণ দাসৰ এই সাফল্যত বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে গৌৰৱবোধ অনুভৱ কৰিছে ৷ দেৱাংগভূষণ দাসৰ জ্যেষ্ঠ ভাতৃ সিদ্ধার্থ দাসো এগৰাকী সামৰিক বিষয়া হিচাপে সেৱা আগবঢ়াই আছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|