'জাৰী'ৰ অভিযানত পাণবাৰী বনাঞ্চলত উদ্ধাৰ NDFB(S)ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

প্ৰায় আঢ়ৈ ঘণ্টীয়া অভিযান৷ হঠাৎ ‘জাৰী’ ৰৈ গ'ল৷ ‘জাৰী’ ৰৈ যোৱাৰ লগে লগে বিশেষ পজিছন ল'লে সেনা, আৰক্ষী আৰু SSBৰ জোৱানসকলে৷

News18-Assam
Updated:September 26, 2019, 12:23 PM IST
'জাৰী'ৰ অভিযানত পাণবাৰী বনাঞ্চলত উদ্ধাৰ NDFB(S)ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ
প্ৰায় আঢ়ৈ ঘণ্টীয়া অভিযান৷ হঠাৎ ‘জাৰী’ ৰৈ গ'ল৷ ‘জাৰী’ ৰৈ যোৱাৰ লগে লগে বিশেষ পজিছন ল'লে সেনা, আৰক্ষী আৰু SSBৰ জোৱানসকলে৷
News18-Assam
Updated: September 26, 2019, 12:23 PM IST
বিজু কুমাৰ ডেকা : অভিযান চলিয়েই আছিল নিৰন্তৰ৷ তাৰ মাজতে সোমবাৰে নিশা আহিল এটা বিশেষ খবৰ৷ খবৰটোৰ সত্য-সত্যতা নিৰূপণৰ বাবে ক্ৰছ চেক্ কৰা হ'ল৷

মংগলবাৰ৷ পুৱাই আৰম্ভ হ'ল যাত্ৰা৷ লগত ‘জাৰী’৷ জাৰীৰ নেতৃত্বত চলিব অভিযান৷ লগত সেনাৰ এটা বৃহৎ দল৷ সমান্তৰালকৈ অভিযানত অংশ ল'বলৈ আগবাঢ়িল আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনী (SSB)৷

সৰু চহৰখনৰ পৰা ‘জাৰী’ৰ নেতৃত্বত সেনা, আৰক্ষী আৰু SSBৰ বৃহৎ দলটো আগবাঢ়িছিল দক্ষিণ দিশে৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দিশে৷

দলটোৱে প্ৰৱেশ কৰিছিল পাণবাৰী সংৰক্ষিত বনাঞ্চলত৷ ‘জাৰী’ আগে আগে৷ পিছে পিছে সেনা, আৰক্ষী আৰু SSBৰ দল৷ ভাগে ভাগে পজিছন লৈ আগবাঢ়িছিল৷ ‘জাৰী’য়ে আগবাঢ়ি গৈ আছিল৷ বনাঞ্চলৰ গভীৰতা বাঢ়ি আহিছিল৷

উদ্ধাৰ হোৱা অস্ত্ৰ–শস্ত্ৰ


অকোৱা–পকোৱাকৈ গভীৰ জংঘল ফালি আগবাঢ়ি গৈ আছিল ‘জাৰী’৷ ‘জাৰী’ক অনুকৰণ কৰি বাকী দলটো আগবাঢ়িছিল৷ প্ৰায় আঢ়ৈ ঘণ্টীয়া অভিযান৷ হঠাৎ ‘জাৰী’ ৰৈ গ'ল৷ ‘জাৰী’ ৰৈ যোৱাৰ লগে লগে বিশেষ পজিছন ল'লে সেনা, আৰক্ষী আৰু SSBৰ জোৱানসকলে৷

যি স্থানত ‘জাৰী’ ৰৈ গৈছিল, সেই স্থানত খান্দিবলৈ লাগি গ'ল সেনাৰ জোৱান৷ মানে মাটি খান্দিবলৈ আৰম্ভ কৰি দিলে৷ স্থান টুকুৰাৰ প্ৰায় তিনিশ মিটাৰ ঘেৰি পজিছন লৈছে সেনা, আৰক্ষী আৰু SSBৰ সশস্ত্ৰ জোৱানসকলে৷



প্ৰায় বিশ মিনিটমান খন্দাৰ পিছত মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল পলিথিনেৰে বন্ধা কেতবোৰ সামগ্ৰী- বিস্ফোৰক সামগ্ৰী৷ উদ্ধাৰ হৈছিল অত্যাধুনিক মাৰণাস্ত্ৰ৷ হস্তনিৰ্মিত মাৰণাস্ত্ৰ৷ বহু সংখ্যক গুলী-বাৰুদ৷

এয়াই আছিল অভিযান৷ চিৰাং জিলাৰ ভূটান সীমান্তত মঙলবাৰে চলোৱা অভিযান৷ বড়ো সশস্ত্ৰ বিদ্ৰোহী সংগঠন NDFB(S)ৰ বিৰুদ্ধে অভিযান৷ NDFB(S)ৰ মুখ্য সেনাধ্যক্ষ তথা ভাৰত চৰকাৰৰ ম'ষ্ট ৱাণ্টেড বি বিদায় ওৰফে বিষ্ণু গয়াৰীয়ে লুকুৱাই থোৱা অস্ত্ৰ ভাণ্ডাৰৰ বিৰুদ্ধে অভিযান৷ এই অভিযানত পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল একৈশটা কৈ ৰাইফল, বহু পৰিমাণৰ গুলী-বাৰুদ৷



‘জাৰী’! জাৰীৰ নেতৃত্বত চলিছিল এই অভিযান৷ সফল অভিযান৷ জাৰী- ভাৰতীয় সেনাৰ সুপ্ৰশিক্ষিত এটা কুকুৰ৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি