দৰংগামেলাত বৃহৎ পৰিমাণৰ গুলী–বাৰুদ উদ্ধাৰ, চাৰি যুৱকক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:May 23, 2021, 3:37 PM IST
দৰংগামেলাত বৃহৎ পৰিমাণৰ গুলী–বাৰুদ উদ্ধাৰ, চাৰি যুৱকক গ্ৰেপ্তাৰ
২১ মে'ৰ নিশা ইউ পি পি এলৰ কাদেচ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত নিশা অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ পিছতে আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান।

২১ মে'ৰ নিশা ইউ পি পি এলৰ কাদেচ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত নিশা অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ পিছতে আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান।

  • Share this:

বাক্সাৰ দৰংগামেলাত আৰক্ষীৰ অভিযান ৷ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰংগামেলা আৰক্ষী চকীৰ অধীনৰ শান্তিপুৰত আজি তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গুলী–বাৰুদ। দৰংগামেলাৰ শান্তিপুৰৰ নদীৰ পাৰত গুলী–বাৰুদখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত আজি পুৱতিনিশা ৩ বজাৰ পৰা তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে শান্তিপুৰ অঞ্চলত অভিযান চলাইছিল।


অভিযানৰ সময়ত আৰক্ষীয়ে নদীৰ পাৰত হেণ্ড গ্ৰেনেড  ১০ টা,  ৯ এম এম পিষ্টলৰ সক্ৰিয় গুলী ৬টা, এ কে ৪৭ ৰাইফলৰ খালি মেগজিন এটা, গ্ৰেনেড চেপ্তি লিভাৰ ৯টা, ডিটনেটৰ ৩ডাল, দেশীয় ৰিভলভাৰ এটা, এ কে ৪৭ৰ সক্ৰিয় গুলী ২৩৫ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক চাৰিজন  ক্ৰমে এন কে দৰংগাৰ বেথেল মুছাহাৰী, কাটাঝাৰৰ বিলাছ ইছোৱাৰী আৰু চৌমচৌৰ মুছাহাৰী আৰু হৰতলাৰ কীৰ্তিৰাজ বসুমতাৰী ৷


উল্লেখ্য যে বিগত ২১ মে'ৰ নিশা ইউ পি পি এল দলৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কাদেচ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰিছিল ৷ পিছত আৰক্ষীয়ে উক্ত ঘটনাটোৰ আলম লৈ অভিযান চলাবলৈ গৈ দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত শান্তিপুৰৰ পৰা অস্ত্ৰ আৰু গুলী–বাৰুদখিনি উদ্ধাৰ কৰে। ইতিমধ্যে  তামুলপুৰ আৰক্ষীয়ে আৰু অধিক অস্ত্ৰ উদ্ধাৰ কৰাৰ কাৰণে অভিযান অব্যাহত ৰাখিছে যদিও অভিযানৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে।

Published by: Gautam Barman
First published: May 23, 2021, 3:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি