உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যিসকলে এতিয়াও অস্ত্ৰ এৰা নাই সেইসকলক মূল সুঁতিলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

    যিসকলে এতিয়াও অস্ত্ৰ এৰা নাই সেইসকলক মূল সুঁতিলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

    আত্মসমৰ্পণ অনুষ্ঠানত এতিয়াও অস্ত্ৰ সম্বৰণ নকৰা সকলক কঠোৰ সকীয়নি দিয়ে DGP ভাস্কৰজ্যোতি মহন্তই৷

    আত্মসমৰ্পণ অনুষ্ঠানত এতিয়াও অস্ত্ৰ সম্বৰণ নকৰা সকলক কঠোৰ সকীয়নি দিয়ে DGP ভাস্কৰজ্যোতি মহন্তই৷

    আত্মসমৰ্পণ অনুষ্ঠানত এতিয়াও অস্ত্ৰ সম্বৰণ নকৰা সকলক কঠোৰ সকীয়নি দিয়ে DGP ভাস্কৰজ্যোতি মহন্তই৷

    • Share this:
    ULFA-I, PDCK, UPRF আৰু DNLAৰ মুঠ ৬৩জন সদস্যই আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে৷ আত্মসমৰ্পণ অনুষ্ঠানত ULFA–Iৰ উপ–মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভায়ো সপত্নীক আত্মসমৰ্পণ কৰে৷

    অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মসমৰ্পণ কৰা সকলো নেতা-সদস্যক আদৰণি জনায়৷ মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত ক'লে- “বহু সংগঠনৰ সদস্যই অস্ত্ৰসম্বৰণ কৰাৰ বাবে সকলোকে স্বাগতম জনালো৷ উগ্ৰপন্থাৰে ৰাষ্ট্ৰবিৰোধী, সংবিধানবিৰোধী কাৰ্যত লিপ্ত হোৱাসকলে আজি উপলব্ধি কৰিছে যে অস্ত্ৰৰে নহয়, মূলসুঁতিলৈ আহিহে সমাজ গঢ়িব পাৰি৷ অস্ত্ৰ এৰি মূলসুঁতিলৈ অহা সকলোকে ধন্যবাদ জনাইছো৷ প্ৰধানমন্ত্ৰীৰ সকলোকে লগত লৈ বিকাশৰ শ্লোগান দিছে৷ সেয়ে এক ভাৰত, শ্ৰেষ্ঠ ভাৰত বনাবলৈ সকলো আগবাঢ়ি যাব লাগিব৷”

    মুখ্যমন্ত্ৰীয়ে লগতে আহ্বান জনালে- “যিসকল অহা নাই; তেওঁলোককো আহিবলৈ আহ্বান জনাওক৷ এয়াই প্ৰকৃত সময়৷ সকলোকে লগত লৈ আগবাঢ়ি যাব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি কৈছে৷ আমি দেশক আগবঢ়াই নিবলৈ ইঞ্জিন হিচাপে কাম কৰিব লাগিব৷ আত্মসমৰ্পণ কৰা সকলোকে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ দিহা কৰা হ'ব৷ চৰকাৰী বহু আঁচনি বহু আছে৷ সেইবোৰক আপোনালোকে গ্ৰহণ কৰক৷”

    আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকি মুখ্য সচিব জিষ্ণু বৰুৱাই ক'লে- “ইউনিফাইড কামাণ্ডৰ অধীনত ৰাজ্যৰ আইন-শৃংখলা পৰিৱেশ উন্নত হৈছে৷ আত্মসমৰ্পণ কৰা সকলো সদস্যক সংস্থাপনৰ দিহা কৰা হৈছে৷ চৰকাৰী আঁচনিসমূহৰ পৰা লাভান্বিত হ'বলৈ সকলোকে আহ্বান জনালো৷”

    আত্মসমৰ্পণ অনুষ্ঠানত এতিয়াও অস্ত্ৰ সম্বৰণ নকৰা সকলক কঠোৰ সকীয়নি দিয়ে DGP ভাস্কৰজ্যোতি মহন্তই৷ DGP মহন্তই ক'লে- “যিসকলে দেশত অশান্তি কৰিবলৈ চেষ্টা কৰিব তেওঁলোকক ৰেহাই দিয়া নহ'ব৷ এতিয়াও নহাসকলকো আত্মসৰ্পণ কৰিবলৈ কোৱা হৈছে৷ চৰকাৰে যিবোৰ সুবিধা দিছে আপোনালোকে গ্ৰহণ কৰক৷ ULF-Iৰ উপ–মুখ্য সেনাধ্যক্ষ মনোজ ৰাভা ওলাই আহিছে৷ লগত আহিছে লিলি মাৰাক৷”

    অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে CRPFৰ ADGP, সেনাৰ GOC, SSB, BSFৰ শীৰ্ষ বিষয়াবৰ্গ৷ অনুষ্ঠানটোত ULFA-Iৰ ১৭জন, PDCKৰ সেনাধ্যক্ষ, UPRFৰ ৩২জন আৰু DNLAৰ ১৩জন; সৰ্বমুঠ ৬৩জনে আত্মসমৰ্পণ কৰে৷
    Published by:Sanjay Kumar Das
    First published: