কোভিডত আক্ৰান্ত হৈছে অলিম্পিয়ান আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰ, দেহত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ

News18 Assam | News18-Assam
Updated:May 3, 2021, 3:17 PM IST
কোভিডত আক্ৰান্ত হৈছে অলিম্পিয়ান আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰ, দেহত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ
অধিক অক্সিজেনৰ প্ৰয়োজন হোৱা জয়ন্তক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ক্ৰীড়াপ্ৰেমীয়ে।

অধিক অক্সিজেনৰ প্ৰয়োজন হোৱা জয়ন্তক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ক্ৰীড়াপ্ৰেমীয়ে।

  • Share this:
কোভিডত আক্ৰান্ত হৈছে অলিম্পিয়ান আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰ। বিশ্ব চেম্পিয়ন তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছে। যথেষ্ট দুৰ্বল অনুভৱ কৰা অসুস্থ জয়ন্ত তালুকদাৰক গুৱাহাটীৰ কালাপাহাৰ কোভিড চিকিৎসালৰ ICUত ভৰ্তি কৰোৱা হৈছে। অধিক অক্সিজেনৰ প্ৰয়োজন হোৱা জয়ন্তক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ক্ৰীড়াপ্ৰেমীয়ে।

উল্লেখযোগ্য যে ২০০৮ চনৰ ক্ৰ’ৱেছিয়াৰ বিশ্বকাপ আৰ্চাৰীত চেম্পিয়ন হৈছিল অসমৰ জয়ন্ত তালুকদাৰ। তাৰোপৰি কমনৱেলথ গেমছ আৰু এছিয়ান গেমছতো পদক জয়ী কৰিছে জয়ন্ত তালুকদাৰে। অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰৰ আশু আৰোগ্য কামনা ক্ৰীড়াপ্ৰেমীৰ। জয়ন্ত তালুকদাৰৰ স্বাস্থ্যক লৈ অধিক চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকো। পিতৃ ৰঞ্জন তালুকদাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত চিকিৎসাৰ বাবে সহায় বিচাৰিছে।
Published by: Sanjay Kumar Das
First published: May 3, 2021, 3:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি