হিমা দাস বঞ্চিত হোৱাৰ বাবে মিডিয়া, বিজ্ঞাপন আৰু দল–সংগঠন জগৰীয়া : ভোগেশ্বৰ বৰুৱা

অলিম্পিক নেখেলোতেই অসমৰ সংবাদ মাধ্যম আৰু দল–সংগঠনে হিমাক লৈ অযথা হাহাকাৰ কৰিছিল বুলিও ক্ষোভ উজাৰে ভোগেশ্বৰ বৰুৱাই।

News18-Assam
Updated:September 17, 2019, 2:18 PM IST
হিমা দাস বঞ্চিত হোৱাৰ বাবে মিডিয়া, বিজ্ঞাপন আৰু দল–সংগঠন জগৰীয়া : ভোগেশ্বৰ বৰুৱা
অলিম্পিক নেখেলোতেই অসমৰ সংবাদ মাধ্যম আৰু দল–সংগঠনে হিমাক লৈ অযথা হাহাকাৰ কৰিছিল বুলিও ক্ষোভ উজাৰে ভোগেশ্বৰ বৰুৱাই।
News18-Assam
Updated: September 17, 2019, 2:18 PM IST
বিপুল বৰ্মন : আগন্তুক ডোহা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বীপৰ পৰা হিমা দাস বঞ্চিত হোৱাত মনত দুখ অনুভৱ কৰিছে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই। হিমা দাসৰ ব্যৰ্থতাৰ বাবে ভোগেশ্বৰ বৰুৱাই প্ৰধানকৈ জগৰীয়া কৰে সংবাদ মাধ্যম, বিজ্ঞাপন আৰু অসমৰ বিভিন্ন দল–সংগঠনক। অলিম্পিক নেখেলোতেই অসমৰ সংবাদ মাধ্যম আৰু দল–সংগঠনে হিমাক লৈ অযথা হাহাকাৰ কৰিছিল বুলিও ক্ষোভ উজাৰে ভোগেশ্বৰ বৰুৱাই।

বিদেশৰ মাটিৰ স্থানীয় খেলৰ ফলাফলক ডাঙৰকৈ প্ৰচাৰ কৰাটো মিডিয়াৰ ভুল সিদ্ধান্ত আছিল বুলি কয় প্ৰবীণ খেলুৱৈগৰাকীয়ে। হিমাৰ এতিয়া অভিভাৱক বহুত হ’ল বুলি আক্ষেপ কৰে ভোগেশ্বৰ বৰুৱাই। হিমা দাসৰ নামত ভূমি দান, খেলপথাৰৰ নামকৰণ, আৱক্ষ মূৰ্তি স্থাপন, হিমা দিৱস আদি পাতিব বিচৰাসকলকো সমালোচনা কৰে অসমৰ খেলৰ পিতামহগৰাকীয়ে। ভবিষ্যতে উন্নত ফলাফল দেখুৱাবলৈ হ’লে হিমাই এজনৰ তত্বাৱধানত থাকিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভোগেশ্বৰ বৰুৱাই।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি