চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈডাম ক্ষেত্ৰক ভাৰত চৰকাৰে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰাৰ পিছত প্ৰথম বাৰৰ বাবে মৈডাম ক্ষেত্ৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধান জাহ্নৱীজ শৰ্মাই৷
চৰাইদেউ জিলাৰ ঐতিহাসিক মৈডাম ক্ষেত্ৰত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৈডাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ইউনেস্ক'লৈ প্ৰেৰণ কৰা ড’চেৰা সন্দৰ্ভত পৰ্যালোচনা কৰে৷ আগন্তুক দিনত কৰিব লগা কৰ্মপন্থাৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে শক্তি, খনি, থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সৈতে আলোচনাত মিলিত হয়৷
বিষয়াগৰাকীৰ এই পৰিদৰ্শন কালত মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন'ৰিয়াল , বুৰঞ্জীবিদ ড° যোগেন্দ্ৰ নাথ ফুকনকে ধৰি পুৰাতত্ত্ব বিভাগৰ বহুকেইজন বিষয়া উপস্থিত থাকে৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 17, 2023, 17:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।