গুৱাহাটী তথা উত্তৰ পূৱৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত শোকৰ ছাঁ

কেলিফৰ্ণিয়াত মৃত্যু হোৱা শ্বিলঙৰ আৰ্ক বিছপ ডমিনিক জালাৰ নিথৰ দেহ গুৱাহাটী আহি পোৱাৰ লগে লগেই শোকত ভাগি পৰিছে গুণমুগ্ধসকল

News18-Assam
Updated:October 20, 2019, 9:43 PM IST
গুৱাহাটী তথা উত্তৰ পূৱৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত শোকৰ ছাঁ
কেলিফৰ্ণিয়াত মৃত্যু হোৱা শ্বিলঙৰ আৰ্ক বিছপ ডমিনিক জালাৰ নিথৰ দেহ গুৱাহাটী আহি পোৱাৰ লগে লগেই শোকত ভাগি পৰিছে গুণমুগ্ধসকল
News18-Assam
Updated: October 20, 2019, 9:43 PM IST
শোকৰ ছাঁ পৰিছে গুৱাহাটী তথা উত্তৰ পূৱৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত। কেলিফৰ্ণিয়াত মৃত্যু হোৱা শ্বিলঙৰ আৰ্ক বিছপ ডমিনিক জালাৰ নিথৰ দেহ গুৱাহাটী আহি পোৱাৰ লগে লগেই শোকত ভাগি পৰিছে গুণমুগ্ধসকল। কেলিফৰ্ণিয়াৰ ৱাকলেণ্ডত ১০ অক্টোবৰত এক মৰ্মান্তিক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল জালাৰ ।

দেওবাৰে বিয়লি প্ৰায় তিনিবজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আহি উপস্থিত হয়হি আৰ্ক বিছপ গৰাকীৰ মৃতদেহ । বিমান বন্দৰৰ পৰা পোনে পোনে লৈ অনা হয় গুৱাহাটীৰ ডনবস্ক' প্ৰভিঞ্চিয়েল হাউছলৈ । তাৰ পিছতেই লৈ যোৱা হয় ছেন্ট যোছেফ ক' কেথেড্ৰেললৈ।

তাতেই বহুসংখ্যক গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিছপ গৰাকীলৈ । এখন পুস্প সজ্জিত বাহনেৰে শ্বিলঙলৈ লৈ যোৱা হয় তেওঁৰ নিথৰ দেহ । শ্বিলঙৰ লাইমুকৰাস্থিত মেৰী হেল্প অৱ খ্ৰীষ্টীয়ানত বুধবাৰে দিনৰ এক বজাত সমাধিস্থ কৰা হ'ব বিছপ গৰাকীক।আৰ্ক বিছপ জালা পূৰ্বতে ডনবস্ক' গুৱাহাটীৰো প্ৰভিঞ্চিয়েল আছিল।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি