চৰকাৰ চলোৱাৰ যোগ্যতা নাই অৰবিন্দ কেজৰিৱালৰঃ সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:February 5, 2020, 2:05 PM IST
চৰকাৰ চলোৱাৰ যোগ্যতা নাই অৰবিন্দ কেজৰিৱালৰঃ সৰ্বানন্দ সোণোৱাল
দিল্লীৰ অসম সংঘই বিজেপিক যথেষ্ট সহায় কৰাৰ কাৰণে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে

দিল্লীৰ অসম সংঘই বিজেপিক যথেষ্ট সহায় কৰাৰ কাৰণে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে

  • Share this:
দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অযোগ্য আৰু অদক্ষ আখ্যা দিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মঙলবাৰে নিশা দিল্লীৰ অসম সংঘৰ সদস্যৰে শংকৰদেৱ ভৱনত এখন নিৰ্বাচনী বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে সমালোচনাৰে থকা সৰকা কৰে অৰবিন্দ কেজৰিৱালক ।

দেশৰ ৰাজধানীত চৰকাৰ চলাবলৈ প্ৰয়োজন দায়বদ্ধতাৰ আৰু কেজৰিৱালৰ নাই সেই দায়ত্ববোধ, যোগ্যতা আৰু দক্ষতা; বৈঠকৰ অন্তত এই মন্তব্য সোণোৱালৰ ।  আনহাতে বিজেপি দলৰহে সেই যোগ্যতা আৰু দক্ষতা আছে বুলি দাবী কৰে সোণোৱালে । লগতে দিল্লীৰ অসম সংঘই বিজেপিক যথেষ্ট সহায় কৰাৰ কাৰণে কৃতজ্ঞতাও জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি