• Home
  • »
  • News
  • »
  • assam
  • »
  • বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰ! কংগ্ৰেছ দলো জড়িত থকাৰ সন্দেহ বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ

বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰ! কংগ্ৰেছ দলো জড়িত থকাৰ সন্দেহ বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ

Source-Google

Source-Google

আজমলৰ আৰবী ভাষাৰ বেনাৰক লৈ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ সংবাদমেল ৷ 

  • Share this:
আজমলৰ আৰবী ভাষাৰ বেনাৰক লৈ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ সংবাদমেল ৷  আজমলৰ আৰবী ভাষাৰ বেনাৰকলৈ বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে কয় যে,  ‘আৰবী ভাষাৰ বেনাৰ ব্যৱহাৰ কৰি বদৰুদ্দিন আজমলে এক বিশেষ বাৰ্তা দিলে। এ আই ইউ ডি এফৰ বিধায়কসকলক সংখ্যালঘূ অঞ্চলৰ ৰাইজে পহুখেদা দিয়াৰ ফলত হতাশগ্ৰস্থহৈ সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ বাবে আৰম্ভ কৰিছে এনেধৰণৰ ৰাজনীতি।

সংখ্যালঘূ মৰ্চাৰ সভাপতি জনে লগতে কয় যে, ‘বিজেপিৰ উত্থানত কংগ্ৰেছ অস্তিত্বৰ সংকটত ভুগিছে ৷ ২০১৬ৰ নিৰ্বাচনত আজমলে অসমৰ সকলো মুছলমানক এক হোৱাৰ আহ্বান জনোৱাৰ দৰেই এইবাৰো একেই পন্থা লৈছে আজমলে ৷ ভাৰতৰ যিটো ভাষা নহয়, সেই আৰবী ভাষাৰে ৰাজনৈতিক সভাত বেনাৰ লগাই মুখেৰে নকৈ ৰাইজক এটা বাৰ্তা  দিব বিচৰা বুলি মন্তব্য মুক্তাৰ হুছেইন খানৰ ৷

ইফালে ৰাইজক বিভ্ৰান্ত নকৰিবলৈ আজমলক সকীয়নি সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ ৷ ‘মুছলিম ভোটত বিজেপিৰ উত্থান দেখি শংকিত হৈছে  আজমল।
আৰবী ভাষাৰ বেনাৰৰ ষড়যন্ত্ৰত বদৰুদ্দিন আজমলৰ সৈতে কংগ্ৰেছ দল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও জড়িত বুলি অভিযোগ মুক্তাৰ হুছেইন খানৰ ৷’

‘উজনি অসমত কংগ্ৰেছৰ পিকচাৰেই নাই ৷ এইবাৰৰ নিৰ্বাচনত চিংগল ডিজিটত আহিব কংগ্ৰেছ ৷নামনি অসমত মুছলিম ভোটৰ জৰিয়তে সাম্প্ৰদায়িক স্থিতিৰে কংগ্ৰেছে আসন ল’ব বিচাৰিছে ৷ যিদিনাই আজমল আৰু কংগ্ৰছ এক হৈছে সিদিনাই ২১ৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ নিশ্চিত হোৱা বুলিও মন্তব্য সংখ্যালঘূ মৰ্চাৰ নেতাজনৰ।ৰহ
Published by:Himangshu Bhuyan
First published: