NRCত অবৈধভাৱে অন্তৰ্ভুক্ত ৮০,০০০লোকৰ নাম! পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অভিজিৎ শৰ্মা

ত্ৰুটীপূৰ্ণ NRCৰ পুনৰীক্ষণৰ দাবী APWৰ।

News18-Assam
Updated:September 17, 2019, 10:43 PM IST
NRCত অবৈধভাৱে অন্তৰ্ভুক্ত ৮০,০০০লোকৰ নাম! পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অভিজিৎ শৰ্মা
ফাইল ফটো
News18-Assam
Updated: September 17, 2019, 10:43 PM IST
পাৰ্থ জ্যোতি বৰা, ব্যুৰ’ চীফ, নতুন দিল্লীঃ পূৰ্বে এবাৰ উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণৰ আবেদন খাৰিজ কৰাৰ পাছত পুনৰ ভুৱা নথিৰে NRC ত নাম অন্তৰ্ভুক্ত কৰা লোকৰ তথ্য সন্নিবিষ্ট আবেদনৰে ১০০ শতাংশ পুনৰীক্ষণ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে APW ।  দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াত আজি সংবাদ মেল সম্বোধন কৰি অভিজিত শৰ্মাই ভুৱা তথ্যৰে NRC ত নাম অন্তৰ্ভুক্ত কৰা ৮০,০০০ লোকৰ তথ্য তেওঁৰ হাতত আছে বুলি দাবী কৰে। আৰু তাৰে কিছু তথ্য আবেদনত সন্নিৱিষ্ট কৰা হৈছে বুলিও কয় শৰ্মাই । এক উচ্চ পৰ্যায়ৰ ন্যায়িক কমিটিৰে পুনৰীক্ষণ হোৱাটো বিচাৰিছে APW ৰ অভিজিত শৰ্মাই ।

সমন্বয়কৰ নিৰ্দেশত NRC ত কৰ্মৰত লোকে এখন অতি গুৰুত্বপূৰ্ণ form fill up কৰাৰ পৰাও বিৰত আছিল বুলি অভিযোগ কৰে শৰ্মাই । এই form খনত এজন আবেদনকাৰী ১৯৬০ চনৰ পৰা ২০১৫ চন লৈকে প্ৰতি ১০ বছৰৰ অন্তত ক’ত ক’ত আছিল সেই তথ্য সন্নিবিষ্ট কৰাৰ নিয়ম । সেই form খন ভৰোৱা হেতেন এখন শুদ্ধ NRC সম্ভৱ হল হেঁতেন বুলি মন্তব্য কৰে শৰ্মাই।

লগতে NRC উন্নীতকৰণত ব্যৱহাৰৰ হোৱা software কেইটাৰ IT Audit বিচাৰিও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব APW । আনহাতে NRC ৰ সমষ্ট প্ৰক্ৰিয়াটোক ED, NIA আৰু CBI–ৰে তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰিছে শৰ্মাই ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি