• Home
  • »
  • News
  • »
  • assam
  • »
  • কিহৰ বাবে অসমত মৃত্যু হয় নৱজাতকৰ? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ চিঠি আভিজিৎ শৰ্মাৰ

কিহৰ বাবে অসমত মৃত্যু হয় নৱজাতকৰ? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ চিঠি আভিজিৎ শৰ্মাৰ

পি পি ই কিট, ট্রিপল লেয়াৰ এন–৯৫ মাস্ককে ধৰি ছটা আইটেম ক্ৰয়ৰ নামত নিবিদা প্ৰক্ৰিয়া আৰু ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে অভিজিৎ শৰ্মাই৷

  • Share this:
অসমত নৱজাতকৰ মৃত্যুৰ আঁৰত দুই নম্বৰী ঔষধ৷ ভেজাল ঔষধৰ বাবে ৰাজ্যত অধিক নৱজাতকৰ মৃত্যু হয়৷ নৱজাতকক মৃত্যুৰ মুখলৈ ঠেলি দি একাংশ ঠিকাদাৰে ৰাজ্যত চলাইছে ৰমৰমীয়া বেহা৷ ঠিকাদাৰসকলৰ সৈতে সনা–পিটিকা বুলি অভিযোগ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মাৰ৷

দেওৰা উপাধিৰ এগৰাকী ঠিকাদাৰে যোগান ধৰা প্ৰসূতি ডেলিভাৰী কিট বেক্টেৰিয়াযুক্ত৷ যাৰ বাবে ৰাজ্যত নৱজাতকৰ মৃত্যুৰ অধিক বুলি অভিযোগ৷ কংগ্রেছৰ আমোলৰ সময়ৰ পৰা এনে দুৰ্নীতি চলি অহাৰ অভিযোগ অভিজিৎ শৰ্মাৰ৷

একেদৰে জনৈক ধানুকা উপাধিৰ এগৰাকী ঠিকাদাৰে শেহতীয়াকৈ কোভিড–১৯ৰ বিভিন্ন ঠিকা–ঠুকলিৰ নামত  বৃহৎ ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰে আভিজিৎ শৰ্মাই ৷ শৰ্মাৰ দাবী, এয়া এক কোটি, দুই কোটি টকাৰ কথা নহয়৷

ইপিনে পি পি ই কিট, ট্রিপল লেয়াৰ এন–৯৫ মাস্ককে ধৰি ছটা আইটেম ক্ৰয়ৰ নামত নিবিদা প্ৰক্ৰিয়া আৰু ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে অভিজিৎ শৰ্মাই৷ এই বিষয়ত সঠিক তদন্তৰ দাবী জনায় এপিডব্লিউৰ সভাপতিগৰাকীয়ে৷ কিয়নো চিভিচি গাইডলাইন আৰু জি এফ আৰ গাইডলাইন অমান্য কৰি স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল ৱর্ক অর্ডাৰ৷ য’ত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ এ পি ডব্লিউৰ৷ এনেদৰে কেইবাটাও দাবীৰে ছচিয়েল মাধ্যমযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ মুকলি চিঠি এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মাৰ৷
Published by:Sanjay Kumar Das
First published: