অখিল গগৈ বা শৃংখল চলিহাৰ পৰিয়ালৰ খবৰ কোনোবাই লৈছেনে? CAA বিৰোধী প্ৰতিবাদক লৈ কি ক’লে APWৰ সভাপতি অভিজিত্‍ শৰ্মাই?

News18 Assam | News18-Assam
Updated:December 30, 2019, 1:04 PM IST
অখিল গগৈ বা শৃংখল চলিহাৰ পৰিয়ালৰ খবৰ কোনোবাই লৈছেনে? CAA বিৰোধী প্ৰতিবাদক লৈ কি ক’লে APWৰ সভাপতি অভিজিত্‍ শৰ্মাই?
আজি NRCক লৈ তদন্ত বিচাৰি NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে APWৰ সভাপতিগৰাকীয়ে।

আজি NRCক লৈ তদন্ত বিচাৰি NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে APWৰ সভাপতিগৰাকীয়ে।

  • Share this:
ৰাজ্যত CAAৰ বিৰুদ্ধে অব্যাহত আছে আন্দোলন প্ৰতিবাদ। আছু, শিল্পী সমাজকে ধৰি বিভিন্ন দল–সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে। CAA বিৰোধী আন্দোলনত বহুতকে গ্ৰেপ্তাৰ কৰা হ’ল। আজিও জে’লত বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। কিন্তু এই দুজন নেতাৰ যেন খবৰ ল’বলৈ কাৰো আহৰি নাই। এই কথা উল্লেখ কৰিছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই। অভিজিৎ শৰ্মাই কয় – ‘CAA বিৰোধী আন্দোলনক আমি আদৰণি জনাইছো। ছচিয়েল মিডিয়াত সমালোচনা কৰাটো সহজ। কিন্তু আজি অখিল গগৈ বা শৃংখল চলিহাৰ পৰিয়ালৰ খবৰ কোনোবাই লৈছেনে?’

CAA সন্দৰ্ভত অভিজিৎ শৰ্মাই কয় যে কোনোবা কামালুদ্দিন–জামালুদ্দিনে কৈছে আমি মনে মনে আছো, আমি তেওলোকৰ নেগুৰত ধৰি কাম নকৰো। যি কৰিব লাগে আমি মনে মনে কৰি আছো, সময়ত গম পাব। NRCত ৮০ লাখ মানুহৰ নাম সোমাওতে কিয় কোনেও মাত মতা নাছিল?

আজি NRCক লৈ তদন্ত বিচাৰি NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে APWৰ সভাপতিগৰাকীয়ে। স্মাৰকপত্ৰ প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত অভিজিৎ শৰ্মাই কয় – অসমীয়াৰ বুকুত কামুৰি হাজেলা পলাল। হাজেলাৰ নেতৃত্বত ৫টা ছফটৱেৰ প্ৰতিষ্ঠানে এন আৰ চিৰ নামত দুৰ্নীতি কৰিলে, ১০০ কোটি টকা লুটি পলাল। হাজেলা যোৱাৰ পিছত আজিহে NRC অফিচত সোমাই নিজৰ ঘৰত সোমোৱাৰ দৰে লাগিছে। তদন্তৰ বাবে CBI আৰু NIAৰ কাষ চাপিব অসম পাব্লিক ৱৰ্কছ।

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি APWৰ সভাপতিগৰাকীয়ে কয় যে হিমন্তই সংবাদ মাধ্যমৰ বুমটো দেখিলেই যা–তা কথা কিয় কয়, তেওঁ কৈছিল ছফটৱেৰ কোনোবা বুদ্ধিজীৱীৰ আত্মীয়ই বনাইছে, তেওঁ এতিয়া দেখুৱাই দিয়ক কোনে বনাইছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি