‘আজি যিসকলে আনন্দ কৰিব সেইসকল বিদেশীৰ ৰক্ষক, অথলে গ’ল ৮৫৫জন শ্বহীদৰ বলিদান’

NRCৰ নামত টকা খোৱা সকলে মৰাৰ আগত হ’লেও বমি কৰিব লাগিব। ৪০ বছৰীয়া অপেক্ষাৰ পিছত অৰ্থহীন এই NRC। – অভিজিৎ শৰ্মা

News18-Assam
Updated:August 31, 2019, 12:23 PM IST
‘আজি যিসকলে আনন্দ কৰিব সেইসকল বিদেশীৰ ৰক্ষক, অথলে গ’ল ৮৫৫জন শ্বহীদৰ বলিদান’
NRCৰ নামত টকা খোৱা সকলে মৰাৰ আগত হ’লেও বমি কৰিব লাগিব। ৪০ বছৰীয়া অপেক্ষাৰ পিছত অৰ্থহীন এই NRC। – অভিজিৎ শৰ্মা
News18-Assam
Updated: August 31, 2019, 12:23 PM IST
প্ৰতীক হাজেলাৰ ওপৰত আগৰে পৰা সন্দেহ আছিল। এতিয়া সন্দেহ সঁচা প্ৰমাণ হ’ল। চূড়ান্ত NRC প্ৰকাশৰ পিছতে এই মন্তব্য কৰে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই। NRCৰ বাবে খৰচ হোৱা ১৬শ কোটি টকাৰ হিচাপ দিব লাগিব বুলিও মন্তব্য কৰে শৰ্মাই। বিদেশী চিনাক্তকৰণৰ সলনি বিদেশীক স্বদেশী কৰিলে NRC-এ। ১৯ লাখৰ ভিতৰত তিনি লাখে আবেদনেই কৰা নাছিল বুলিও কয় APWৰ সভাপতিগৰাকীয়ে।

অভিজিৎ শৰ্মাই কয় – ‘বহুতে বিদেশীৰ নামত দালালি কৰিলে। আজি যি সকলে আনন্দ কৰিব সেই সকল বিদেশীৰ ৰক্ষক। জীৱনৰ দহটা বছৰ অথলে গ’ল আমাৰ। পাইলট প্ৰজেক্ট বন্ধ কৰা আমছুৱে আদৰণি জনালে, কি বুজিম?’

৮৫৫জন শ্বহীদৰ বলিদান অথলে গ’ল। NRCৰ নামত টকা খোৱা সকলে মৰাৰ আগত হ’লেও বমি কৰিব লাগিব। ৪০ বছৰীয়া অপেক্ষাৰ পিছত অৰ্থহীন এই NRC। এইদৰে ক্ষোভ প্ৰকাশ কৰে অভিজিৎ শৰ্মাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি