চূড়ান্ত NRC প্ৰকাশৰ পিছতে ক্ষোভ প্ৰকাশ কৰিলে APWৰ সভাপতি অভিজিৎ শৰ্মাই। NRCত বিদেশীৰ সংখ্যা দেখি ক্ষোভ প্ৰকাশ কৰে আছাম পাব্লিক ৱৰ্কছৰ সভাপতিগৰাকীয়ে। অভিজিৎ শৰ্মাই কয় যে – ‘অবৈধ বিদেশীৰ ৰক্ষকসকললৈ অভিনন্দন, আনুষ্ঠানিকভাৱে আজি আপোনালোক সফল হ’ল’।
NRCৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল অভিজিৎ শৰ্মাই। প্ৰদীপ ভূঞা আৰু বন্তি ভূঞাই বহন কৰিছিল এই গোচৰৰ ব্যয়। ভূঞা দম্পতীৰ ওপৰত ক্ষমা ভিক্ষা অভিজিৎ শৰ্মাৰ।
NEWS18ৰ আগত APWৰ সভাপতি শৰ্মাই কয় – ‘৪০ বছৰে বাংলাদেশীৰ নামত বেপাৰ কৰা হ’ল। ৮৫৫জন শ্বহীদৰ তেজ শুহি খালে একাংশই। একাংশ নেতা হ’ল, একাংশই বেপাৰ কৰিলে। চূড়ান্ত NRCত বাদ পৰা লোকৰ আধাতকৈ বেছিয়ে সুমুৱাব নাম। বিদেশী ন্যায়াধিকৰণৰ জড়িয়তে এই লোকসকলে অন্তৰ্ভুক্ত কৰিব নাম।’
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|