
প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি বি আইত গোচৰ দাখিল এ পি ডব্লিউৰ
প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি বি আইত গোচৰ দাখিল এ পি ডব্লিউৰ
প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত ৩৫ কোটি টকা আত্মসাত্ কৰাৰ অভিযোগ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি বি আইত গোচৰ দাখিল এ পি ডব্লিউৰ। ১৮ মে’ত দাখিল কৰে হাজেলাৰ বিৰুদ্ধে এজাহাৰ।
ইফালে এ পি ডাব্লিউৰ অভিযোগ- ‘এন আৰ চিৰ দুর্নীতিৰ তদন্ত কৰাত সদিচ্ছাৰ অভাব গৃহ বিভাগৰ। অসমৰ এন আৰ চিৰ উন্নীতকৰণৰ অচিলা লৈ তেতিয়াৰ এন আৰ চি ৰ সমন্বয়ক প্রতীক হাজেলাই উইপ্র’ৰ সহযোগত বিয়াগোম দুর্নীতি সংঘটিত কৰিছিল। এখনৰ পিছত আন এখন এজাহাৰ দাখিল কৰিও এতিয়া কোনো ধৰণৰ সঁহাৰি পোৱা নাই সংগঠনটোৱে।চৰকাৰক বাৰম্বাৰ অৱগত কৰাৰ পিছতো সঠিক তদন্ত হোৱা নাই।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|