HONOURABLE GOGOI SIR; I AM ABHIJEET, I AM NOT A TERRORIST- এখন সংবাদমেললৈ নিমন্ত্ৰণ এয়া ৷ গুৱাহাটীৰ গৌৰী সদনত সংবাদমেল এখনলৈ সংবাদ মাধ্যমক এইদৰেই নিমন্ত্ৰণ জনোৱা বাৰ্তা আছিল এইটো৷ হয়, APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ এখন সংবাদমেল আছিল এয়া৷
মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক এই সংবাদমেলৰ জৰিয়তে ক্ষমা খোজাৰ দাবী তুলিলে অভিজিৎ শৰ্মাই ৷ কিন্তু কিয়? প্ৰাক্তন মুখ্য ন্যায়ধীশ (CJI) ৰঞ্জন গগৈৰ আত্মজীৱনী JUSTICE for the JUDGE গ্ৰন্থখনৰ পৃষ্ঠা নম্বৰ ১৭৩ত লিখা কথাখিনিক লৈ আপত্তি ASSAM PUBLIC WORKSৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ ৷
প্ৰাক্তন CJI তথা ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ ৰঞ্জন গগৈয়ে কিতাপখনৰ এই বিশেষ পৃষ্ঠাটোত তদানীন্তন NRCৰ সমন্বয়ক প্ৰতীক হাজেলা কিয় ডেপুটেচনত মধ্য প্ৰদেশলৈ যাবলগীয়া হ'ল, তাৰ অন্যতম কাৰক হিচাপে অভিহিত কৰিছিল অভিজিৎ শৰ্মাক ৷ ইয়াকে লৈ অভিজিৎ শৰ্মাৰ প্ৰশ্ন ৰঞ্জন গগৈলৈ, "মই কি সন্ত্ৰাসবাদী নেকি? মই কি পৰেশ বৰুৱাৰ সতীৰ্থ? মই অভিজিৎ শৰ্মাহে ৷ মইতো অভিজিৎ অসম নহয় ৷ মোৰ হাতত মাৰণাস্ত্ৰ আছে নেকি যাৰ বাবে জীৱনলৈ ভাবুকি আহিল প্ৰতীক হাজেলাৰ ৷ মই প্ৰতীক হাজেলাৰ ঘৰলৈ শিলগুটি দলিয়াইছিলোঁ নেকি? মোৰ নাম মহুৱা মৈত্ৰই নাৰী কেলেংকাৰিত পৰা বুলি লৈছে নেকি? মোক লৈ কি এনে ভীতি আহিছিল যে মোৰ নামটো লিখি মোক হেয় প্ৰতিপন্ন কৰিলে ৷ মোক আঁঠু ল'বলৈ কিয় বাধ্য কৰিছিল গগৈ ডাঙৰীয়াই ৷"
ৰাজ্যসভাৰ সাংসদগৰাকীক NRCৰ দুৰ্নীতিতো সাঙোৰে অভিজিৎ শৰ্মাই ৷ অভিজিৎ শৰ্মাই ৩২দিনৰ সময় দিছে ৰঞ্জন গগৈক ৷ এই সময়ৰ ভিতৰত APWৰ ওচৰত ক্ষমা খুজিব লাগিব ৰঞ্জন গগৈয়ে ৷ অন্যথা হাতত প্লে'কাৰ্ড লৈ ৰঞ্জন গগৈৰ গীতানগৰৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰাৰ হুংকাৰ শৰ্মাৰ ৷ ইমানেই নহয় শেহতীয়াকৈ প্ৰাক্তন CJI ৰঞ্জন গগৈয়ে মুখ্যমন্ত্ৰীক তৈল মৰ্দনৰ আশ্ৰয় লোৱা বুলিও ক'লে অভিজিৎ শৰ্মাই ৷ অভিজিৎ শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, মুখ্যমন্ত্ৰী যাতে ভোল নাযায় তৈলমৰ্দনত ৷ মুঠৰ ওপৰত বুধবাৰে অভিজিৎ শৰ্মাই গৌৰী সদনত দিয়া সংবাদমেল আছিল মহা বিস্ফোৰণ ৷ ইয়াৰ পিছত কোন পক্ষই কি কৰে সেয়াহে হ'ব বিশেষভাৱে লক্ষণীয় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।