দিল্লীৰ এজন অসমীয়াৰ একাউন্টত আছে NRCৰ ১২৭ কোটি টকা, প্ৰতীক হাজেলাৰ নেতৃত্বত শ শ কোটি টকাৰ কেলেংকাৰী!

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:49 PM IST
দিল্লীৰ এজন অসমীয়াৰ একাউন্টত আছে NRCৰ ১২৭ কোটি টকা, প্ৰতীক হাজেলাৰ নেতৃত্বত শ শ কোটি টকাৰ কেলেংকাৰী!
সংবাদমেলত অসম পাব্লিক ৱৰ্কছে এনআৰচিত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীৰে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আনিলে বহু কেইটা অভিযোগ।

সংবাদমেলত অসম পাব্লিক ৱৰ্কছে এনআৰচিত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীৰে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আনিলে বহু কেইটা অভিযোগ।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:49 PM IST
  • Share this:
আকৌ এবাৰ প্ৰতীক হাজেলাৰ এনআৰচি কেলেংকাৰীৰ লৈ সৰৱ আছাম পাব্লিক ৱৰ্কছ। সংবাদমেলত APWৰ অভিযোগ ছফ্টৱেৰ ইনষ্টল নকৰাকৈয়ে wipro ক প্ৰতীক হাজেলাই মোকলাই দিছিল ১২৭ কোটি টকা ৷ APWৰ দাবী দিল্লীত থকা এজন অসমীয়াৰ একাউন্টত সোমাই আছে এই টকা ৷
অসম পাব্লিক ৱৰ্কছৰ সংবাদমেলত এন আৰ চি আৰু প্ৰতীক হাজেলাক লৈ বিস্ফোৰক তথ্য প্ৰকাশ ৷
৩১ আগষ্টত ২০১৯ চনত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে অসম পাব্লিক ৱৰ্কছকে ধৰি বিভিন্ন দল সংগঠনে ব্যাপক কেলেংকাৰীৰ অভিযোগ কৰিছিল ৷ এনআৰচি প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে  চিবিআই কে ধৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত এজাহাৰো দাখিল কৰা হৈছিল ৷ ৭ ফেব্ৰুৱাৰীত পুনৰ APW  য়ে চিআইডিত দাখিল কৰিছে এজাহাৰ ৷ ইয়াৰ পিছতে সংবাদমেলযোগে পুণৰ বিস্ফোৰক অভিযোগ APWৰ ৷ আছাম পাব্লিক ৱৰ্কছৰ মতে, প্ৰতীক হাজেলাই এনআৰচিৰ নামত কৰা কেলেংকাৰীৰ তথ্য ৰাজ্যৰ গৃহ বিভাগে জানে, কিন্তু তাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ বন বিষয়া অভিজিত ৰাভাৰ বিৰুদ্ধে যেনেকৈ তৎপৰতাৰে ব্যৱস্থা গ্ৰহন কৰিছে তেনেধৰনেই প্ৰতীক হাজেলাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহন কৰাৰ দাবী  APW ৰ সভাপতি আভিজিত শৰ্মাৰ। উল্লেখযোগ্য যে, মহাগাণনিকৰ প্ৰতিবেদনত এনআৰচিতবৃহৎ বৃত্তীয় খেলেমেলি কৰাৰ কথা উল্লেখ আছে ৷ Wipro কে ধৰি যি কেইটা প্ৰতিষ্ঠানে ছফ্টৱেৰ প্ৰস্তুত কৰিছিল তাৰ ক্ষেত্ৰতো হৈছিল কেলেংকাৰী ৷ ইয়াৰ লগতে প্ৰায় ৭০০ কোটি বিসংগতিপূৰ্ণ ছফ্টৱেৰ হোৱাৰ পিছতো  প্ৰতীক হাজেলাই মোকলাই দিছিল বৃহৎ পৰিমাণৰ টকা ৷ কেলেংকাৰী হৈছিল লেপটপ ক্ৰয় কৰাৰ ক্ষেত্ৰতো,  ২২ হাজাৰ টকীয়া লেপটপ ক্ৰয় কৰিছিল ৪৪ হাজাৰ টকাকৈ ৷ সংবাদমেলত আভিজিত শৰ্মাই শীল উপাধীৰ এজন লোকৰ কথাও উল্লেখ কৰে ৷ জনৈক শীল বোলা লোকজনে বিমুদ্ৰাকৰণৰ সময়ত ১০ বাৰতকৈ অধিক আমেৰিকাৰ বিভিন্ন ঠাইলৈ গৈছিল ৷ এই শীলেই প্ৰতীক হাজেলা আৰু Wipro ৰ মাজৰ মধ্যস্থতাকাৰী আছিল বুলি অভিযোগ ৷ প্ৰতীক হাজেলাৰ সকলো ধন শীল উপাধীৰ লোক জনে বিনিয়োগ কৰাৰ অভিযোগ ৷ এই সমগ্ৰ তথ্য চৰকাৰ গৃহ বিভাগে জানে ৷ তথাপি প্ৰতীক হাজেলাৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নাই কৰা চৰকাৰে ৷ ইফালে ৫ ফেব্ৰুৱাৰীত APW য়ে লগ কৰিছিল কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গক ৷ গাৰ্গক সাক্ষাৎ কৰি এনআৰচিত সংঘটিত সকলো দুৰ্নীতিৰ তথ্য প্ৰদান কৰিছে এপিডব্লিউয়ে ৷ আনহাতে এনআৰচিৰ ৱেবছাইটৰ পৰা সকলো তথ্য নোহোৱা হোৱাৰ কাৰণ উল্লেখ কৰি এপিডব্লিউয়ে কয়, Wipro ৰ লগত cloud ব্যৱহাৰৰ চুক্তিৰ ম্যাদ শেষ হৈছিল আৰু সেই কাৰণেই এই ঘটনা ৷ প্ৰতীক হাজেলাৰ অসম এৰি যোৱাৰ এমাহৰ পূৰ্বে চুক্তিৰ ম্যাদ অন্ত পৰিছিল যদিও নতুন চুক্তি কৰাৰ পৰিৱৰ্তে প্ৰতীক হাজোলাই মোকলাই দিছিল কোম্পানী সমূহৰ সকলো ধন ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি