মুখ্যপৃষ্ঠা »খবৰ »অসম »NRCৰ হৰিলুটত মধ্যপ্ৰাচ্যৰ 'কানেকচন', এপিডব্লিউৰ সংবাদমেলত ওলাল নাগৰিকপঞ্জীৰ আন এক ক'লা অধ্যায়

NRCৰ হৰিলুটত মধ্যপ্ৰাচ্যৰ 'কানেকচন', এপিডব্লিউৰ সংবাদমেলত ওলাল নাগৰিকপঞ্জীৰ আন এক ক'লা অধ্যায়

কাৰ কাৰ নাম ল'লে বিস্ফোৰক সংবাদমেলত অভিজিৎ শৰ্মাই? 

কাৰ কাৰ নাম ল'লে বিস্ফোৰক সংবাদমেলত অভিজিৎ শৰ্মাই? 

কাৰ কাৰ নাম ল'লে বিস্ফোৰক সংবাদমেলত অভিজিৎ শৰ্মাই? 

  • Share this:
NRCক লৈ কেগৰ প্ৰতিবেদনতে দুৰ্নীতিৰ ক'লা অধ্যায় শেষ হোৱা নাই ৷ কেগে কোৱাতকৈও ভয়াৱহ কেলেংকাৰিৰ অভিযোগ আনিছে অসম পাব্লিক ৱৰ্কছ (APW)ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRCৰ দুৰ্নীতিত আনিছে মধ্যপ্ৰাচ্য, আমেৰিকাৰ সংযোগ ৷

গ্ৰীন হাউছ কেলেংকাৰিৰ নায়কেই NRCতো চলালে নেকি হৰিলুট? জাতিৰ দলিল NRCৰ নামত ভয়ংকৰ দুৰ্নীতিৰ কথা কেগে প্ৰতিবেদন আকাৰে দিয়াৰ পিছত তদানীন্তন NRCৰ সমন্বয়ক IAS প্ৰতীক হাজেলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ভিন্ন দল-সংগঠন ৷ এইবাৰ কেগে কোৱাতকৈও NRC প্ৰস্তুতৰ নামত ভয়ংকৰ দুৰ্নীতি হোৱাৰ দাবী তুলিছে NRCৰ অন্যতম আৱেদনকাৰী APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ৷

অভিজিত শৰ্মাৰ দাবী মধ্যপ্ৰাচ্যৰে সংযোগ আছে NRCৰ দুৰ্নীতিৰ ৷ কিন্তু কেনেকৈ? ইয়াত অভিজিৎ শৰ্মাই নাম লৈছে জনৈক প্ৰলয় শীলৰ, আৰমান শ্বেখৰ,অভিজিৎ ভূঞাৰ ৷ প্ৰলয় শীল হৈছে অভিনেত্ৰী জয়া শীলৰ ভাতৃ ৷ এই চিনাকিও আমি দিয়া নাই ৷ সংবাদমেলতে অভিজিৎ শৰ্মাই চিনাকি দিছে প্ৰলয় শীল কোন, আৰমান শ্বেখ কোন৷ প্ৰলয় শীলৰ ভিনীহিয়েক মুৰ্চিদাবাদৰ আৰমান শ্বেখ ৷ NRCৰ প্ৰথম খচৰাত বাদ পৰা ৮০ লাখ লোকৰ নাম সুমুৱাবলৈ মধ্যপ্ৰাচ্যৰ পৰা ধন সংগ্ৰহ কৰিছিল প্ৰলয় শীল আৰু ভিনিহিয়েকে ৷

"অভিনেত্ৰী জয়া শীলৰ ভাতৃ প্ৰলয় শীল আৰু স্বামী মুৰ্চিদাবাদৰ আৰমান শ্বেখ এই দুৰ্নীতিত জড়িত ৷ NRCৰ প্ৰথমখন খচৰাত বাদ পৰা ৮০লাখ লোকক লৈ মধ্য প্ৰাচ্যত দৰদাম কৰিছিল এই দুই ভিনীহিয়েক-খুলশালীয়ে ৷ এজন লোকৰ নাম NRCত ভৰ্তি কৰাৰ বাবদ বিচাৰিছিল ১০০০ টকা ৷ মধ্য প্ৰাচ্যত কৈছিল কংগ্ৰেছে আপোনালোকৰ মানুহখিনিক শিক্ষা দিলে, জ্ঞান দিলে ৷ কিন্তু আপোনালোকৰ মানুহখিনিক এতিয়া NRCত নাম ভৰাবলৈ হ'লে আপোনালোকে প্ৰত্যেকেই ১০০০ টকাকৈ দিব লাগিব ৷" —সংবাদ মেলত এইদৰে ক'লে APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই।

অভিজিৎ শৰ্মাই নাম লোৱা এই আৰমান শ্বেখৰ আছে আন এক চিনাকি ৷ বিখ্যাত Green House কেলেংকাৰিৰ নায়ক হিচাপে খ্যাত আৰমান শ্বেখ আছিল কংগ্ৰেছ আমোলৰ বিখ্যাত ঠিকাদাৰ ৷ সেই আৰমান শ্বেখেই পৰৱৰ্তী সময়ত বিজেপিৰ দিনৰ NRCৰ হৰিলুটতো হ'ল চামিল ৷ NRCৰ দুৰ্নীতিৰ ভয়াৱহ ক'লা অধ্যায় উদঙাবলৈ গৈ অভিজিৎ শৰ্মাই নাম লৈছে আমেৰিকাত বসবাস কৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰ অভিজিত ভূঞাৰো ৷ বিদেশীৰ নাম অন্তৰ্ভুক্ত হ'লেও যাতে আনে এই ছফ্টৱেৰত আপলোড কৰা নাম তথ্য চাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছিল অভিযন্তা অভিজিত ভূঞাই ৷

উল্লেখ কৰিব পাৰি যে বহ্নিমান ছফ্টৱেৰৰ মালিক এই আমেৰিকা নিৱাসী অভিজিৎ ভূঞা ৷ আনহাতে, অভিজিৎ শৰ্মাই বুধবাৰে গৌৰী সদনত দিয়া বিস্ফোৰক সংবাদমেলখনতে এই মধ্যপ্ৰাচ্যৰ সংযোগ থকাৰ বাবেই AIUDF প্ৰধান বদৰুদ্দিন আজমল, কংগ্ৰেছী নেতা ৰকিবুল হুছেইন আদি নিশ্চুপ থকা বুলি অভিযোগ কৰিছে ৷ দুৰ্নীতিৰ সকলো লেনদেনৰ কথা বতৰা ভঙাগড়ৰ ৰঙা বিল্ডিং অৰ্থাৎ অসম ফ্ল'ৰ মিলতে চলিছিল বুলিও ঘটাইছে আন এক বিস্ফোৰণ ৷ ৫ টকীয়া এটা প্লাষ্টিক ফ'ল্ডাৰ ২৫ টকাত ক্ৰয়ৰ পৰা NRCত হৰিলুট কি কি হ'ল তাৰ নতুন নতুন অভিযোগ আনিলে অভিজিৎ শৰ্মাই ৷ অভিজিৎ শৰ্মাই বিচাৰিছে ED,CBIৰ তদন্ত ৷ জাতিক ভালপোৱাসকলেও হয়তো তাকেই বিচাৰিছে, তদন্ত হওক আৰু দোষীয়ে পাওক শাস্তি ৷

শেহতীয়া বাতৰি