• Home
  • »
  • News
  • »
  • assam
  • »
  • Late Apurba Bezbaruah: মাক-দেউতাকে সৰুতে গান গাবলৈ দিয়া নাছিল অপূৰ্ব বেজবৰুৱাক, মনে মনে মহানন্দ মজিন্দাৰ বৰুৱাৰ ঘৰত শিকিছিল গীত

Late Apurba Bezbaruah: মাক-দেউতাকে সৰুতে গান গাবলৈ দিয়া নাছিল অপূৰ্ব বেজবৰুৱাক, মনে মনে মহানন্দ মজিন্দাৰ বৰুৱাৰ ঘৰত শিকিছিল গীত

Late Apurba Bezbaruah

Late Apurba Bezbaruah

Late Apurba Bezbaruah: অপূৰ্ব বেজবৰুৱাৰ নাজিৰাৰ বাসগৃহত এতিয়াও সজীৱ হৈ আছে তাহানিৰ স্মৃতি৷ 

  • Share this:
অসমীয়া আধুনিক গীতক নতুন মাত্ৰা প্ৰদান কৰা  জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা আৰু নাই । ১৯৫১ চনৰ ১৫ অক্টোবৰত নাজিৰাৰ এক সংস্কৃতিৱান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল অপূৰ্ব বেজবৰুৱাই৷ প্ৰয়াত নিৰা বেজবৰুৱা আৰু মাতৃ প্ৰতিভা বেজবৰুৱা পুত্ৰ অপূৰ্ব বেজবৰুৱাই নাজিৰাতেই ডাঙৰ-দীঘল হৈ নাজিৰাৰ বৰবৰুৱাৰ পুখুৰীপাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল।  ১৯৭০ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষা উৰ্ত্তীণ হৈছিল অপুৰ্ব বেজবৰুৱা৷ পৰৱৰ্তী সময়ত গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ত  অধ্যয়ন কৰি স্নাতক হৈছিল৷

নাজিৰাত থকা সময়তে নিজ ঘৰৰ পৰাই সংগীতৰ অ আ ক খ  আৰম্ভ কৰিছিল শিল্পী জনে৷ নাজিৰাত থকা সময়তে প্ৰথম প্ৰয়াত জগন্নাথ দাসৰ পৰা সংগীত শিক্ষা লাভ কৰি পৰৱৰ্তী সময়ত নাজিৰা জ্যোতি সমাজৰ তত্বাৱধানত এলি আহমেদ, দাৰা আহমেদ আৰু মহানন্দ মজিন্দাৰ বৰুৱাৰ লগতে কালীপ্ৰসাদ বৰুৱাৰ পৰা সংগীত শিক্ষা লাভ কৰিছিল অপূৰ্ব বেজবৰুৱাই ৷



শিল্পী জনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে জন্ম নগৰী নাজিৰা ৷ নাজিৰা ব'ৰ্ডিং ৰ’দত থকা অপূৰ্ব বেজবৰুৱাৰ গৃহত আজিও সজীৱ হৈ আছে শিল্পীজনৰ বহু স্মৃতি ৷ নাজিৰাৰ এই বাসগৃহত অতীতৰ সেই মধুৰ স্মৃতি সুঁৱৰিলে ভনীয়েক ভাৰতী বেজবৰুৱাই ৷

'কপৌ পাহি তোৰে খোপাত', নাচনী অ', 'চাহ গছৰ কোমল পাত'ত আদিকে ধৰি বহু জনপ্ৰিয় গীত অসমবাসীক উপহাৰ দি গল অপূৰ্ব বেজবৰুৱাই ৷ শিল্পী জনে ৰচনা কৰা বহু গীতত জনপ্ৰিয় শিল্পী ড° ভূপেন হাজৰিকা, ৰিদিপ দত্ত, সন্ধ্যা মেনন, বিজয় ভূঞা, অনিমা চৌধুৰী, উদিত নাৰায়ণ আদি শিল্পীয়ে কণ্ঠদান কৰিছে ৷ ইয়াৰ উপৰি বহু জনপ্ৰিয় অসমীয়া, বাংলা চলচ্চিত্ৰ আৰু টেলিফিল্মৰ গীত ৰচনা কৰাৰ লগতে সংগীত পৰিচালনাও কৰিছিল অপূৰ্ব বেজবৰুৱাই৷

অসমীয়া আধুনিক গীতক এক নতুন মাত্ৰা প্ৰদান কৰা শিল্পী অপূৰ্ব বেজবৰুৱাৰ মৃত্যু ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি ৷ নাজিৰাত থকা সময়তে ঘৰৰ মানুহে গম নোপোৱাকৈ সংগীত শিকিছিল অপূৰ্ব বেজবৰুৱাই৷  মহানন্দ মজিন্দাৰ বৰুৱাই প্ৰথম মঞ্চত গীত গোৱাৰ সাহস দিছিল অপূৰ্ব বেজবৰুৱাক৷ সংগীতৰ লগতে ভাৰতীয় খাদ্য নিগমৰ বিষয়া আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ঘোষক হিচাপে চাকৰি কৰিছিল অপূৰ্ব বেজবৰুৱাই৷

অসমীয়া আধুনিক গীতক নতুন মাত্ৰা প্ৰদান কৰা জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ , সুৰকাৰ অপূৰ্ব বেজবৰুৱা আৰু নাই । ৮০-৯০ দশকত অসমীয়া আধুনিক গীতক নতুন ৰূপ দি অসমীয়া সংগীত জগতলৈ এক নৱতম ধাৰা উপহাৰ দিয়া অপূৰ্ব বেজবৰুৱাৰ মৃত্যু ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি