চাকৰি ঘূৰাই নাপায় ৪৩ ৰাজপত্ৰিত বিষয়াই, ৩ কোটিৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আনিলে ৰাজ্য চৰকাৰে
News18-Assam Updated:June 18, 2019, 3:31 PM IST

অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মনিন্দৰ সিঙক APSC গোচৰৰ ওকালতি কৰাৰ বাবে দিবলগীয়া হৈছে ৩ কোটি টকা।
অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মনিন্দৰ সিঙক APSC গোচৰৰ ওকালতি কৰাৰ বাবে দিবলগীয়া হৈছে ৩ কোটি টকা।
- News18 Assam
- Last Updated: June 18, 2019, 3:31 PM IST
ৰাজ্য চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিং আৰু নলীন এছ কোহলীয়ে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনামৰ্মে কোনো কাৰণতে এই ৰাজপত্ৰিত বিষয়াসকলে চাকৰি ঘূৰাই নাপায় বুলি মন্তব্য কৰে অধিবক্তা কোহলীয়ে।
উল্লেখযোগ্য যে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মনিন্দৰ সিঙক APSC গোচৰৰ ওকালতি কৰাৰ বাবে দিবলগীয়া হৈছে ৩ কোটি টকা।
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত চাকৰিৰ বজাৰ মেলিছিল ৰাকেশ পালে। মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰি কেৱল টকাৰ বাবেই ৰাকেশ পালে সংঘটিত কৰিছিল এই বিয়াগোম কেলেংকাৰী। লাখ লাখ টকাৰ বিনিময়ত ৰাকেশ পালৰ পৰা চাকৰি ক্ৰয় কৰিছিল এইসকল অভিযুক্তই। এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে। জালত পৰিছিল ইজনৰ পিছত সিজন অভিযুক্ত।

