APSC Scam: বক্ৰ পথেৰে চাকৰি লোৱা ৭১ ৰাজপত্ৰিত বিষয়াই চাকৰি ঘূৰাই পোৱাৰ আশাত পৰিল চেচাপানী

Source-Google
ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰাৰ পিছতো চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পৃথকে পৃথকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৭১ জনকৈ ৰাজপত্ৰিত বিষয়া ৷ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইজনমান বিষয়াৰ আবেদনৰ শুনানী গ্ৰহণ কৰি চৰকাৰৰ বৰ্খাস্তকৰণৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল ৷
বুধবাৰে উচ্চ ন্যায়ালয়ে বাকী থকা ৪৯ জন আবেদনকাৰীৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ নিৰ্দেশক বাহাল ৰখাৰ লগতে আটাইবোৰ আবেদন খাৰিজ কৰে ৷