মুখ্যপৃষ্ঠা »খবৰ »অসম »APSC Exam: আজি অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা; পৰীক্ষাকেন্দ্ৰত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনসমূহৰ

APSC Exam: আজি অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা; পৰীক্ষাকেন্দ্ৰত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনসমূহৰ

সমগ্ৰ ৰাজ্যৰ ৩১ পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। 

সমগ্ৰ ৰাজ্যৰ ৩১ পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। 

সমগ্ৰ ৰাজ্যৰ ৩১ পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। 

  • Share this:
আজি অসম লোকসেৱা আয়োগৰ এই বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ ৩১ পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজত মুঠ ৯১৩ টা পদৰ বাবে দেওবাৰে APSC পৰীক্ষা অনুষ্ঠিত কৰা হয়। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যৱধানত জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে ১৪৪ ধাৰা জাৰি কৰিছে। লগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে অসম লোকসেৱা আয়োগে  কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰিছে।

উল্লেখ্য যে, মেট্ৰিকৰ সময়ত ৰাজ্যৰ কেইবাটাও পৰীক্ষাকেন্দ্ৰত বিসংগতি হোৱাৰ বাবে এইবাৰ APSC পৰীক্ষাৰ পৰীক্ষাকেন্দ্ৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে। পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ দূৰত্বত পৰীক্ষাৰ্থীৰ বাহিৰে আন কোনো লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই। ১৪৪ ধাৰা উলংঘন কৰা ব্যক্তিৰ বিৰুদ্ধে আইনগতভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰিছে।

ৰাজ্যৰ মেধাসম্পন্ন শিক্ষাৰ্থীক যোগ্যতাৰ ভিত্তিত চাকৰি দিয়াৰ উদ্দেশ্যৰে প্ৰত্যক বছৰে অসম লোক সেৱা আয়োগে APSC পৰীক্ষা আয়োজন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী কেইবাটাও পৰীক্ষা কেন্দ্ৰত APSC পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে।

উল্লেখনীয় যে, পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম ভাগ পৰীক্ষা আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ ২য় ভাগ পৰীক্ষাৰ সময় নিৰ্ধাৰিত কৰা হৈছে। দুবেলাকৈ অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক পৰীক্ষাত পৰিচয় পত্ৰ আৰু এডমিট কাৰ্ডৰ বাহিৰে পৰীক্ষৰ্থীক কোনো সমগ্রী পৰীক্ষা হললৈ নিবলৈ দিয়া নাই। এতিয়া বিগত কেইবা বছৰৰ দৰে এইবাৰো APSC পৰীক্ষা নিকা হোৱাটো প্ৰত্যকজন অভিভাৱকে বিচাৰিছে।

শেহতীয়া বাতৰি