অথ: APSC সংবাদ! শিশু উন্নয়ন প্রকল্প বিষয়াৰ পৰীক্ষাত ছচিয়েল ৱর্কছৰ সলনি আহিল সমাজ শাস্ত্ৰৰ প্ৰশ্ন, আকৌ হ’ব নেকি পৰীক্ষা?

News18 Assam | News18-Assam
Updated:November 9, 2020, 2:36 PM IST
অথ: APSC সংবাদ! শিশু উন্নয়ন প্রকল্প বিষয়াৰ পৰীক্ষাত ছচিয়েল ৱর্কছৰ সলনি আহিল সমাজ শাস্ত্ৰৰ প্ৰশ্ন, আকৌ হ’ব নেকি পৰীক্ষা?
কিয় বাৰে বাৰে বিতৰ্কত সাঙোৰ খাই পৰে অসম লোকসেৱা আয়োগ? কিয় এটা পৰীক্ষাও ভালদৰে পাতিব নোৱাৰে APSCয়ে?

কিয় বাৰে বাৰে বিতৰ্কত সাঙোৰ খাই পৰে অসম লোকসেৱা আয়োগ? কিয় এটা পৰীক্ষাও ভালদৰে পাতিব নোৱাৰে APSCয়ে?

  • Share this:
কিয় বাৰে বাৰে বিতৰ্কত সাঙোৰ খাই পৰে অসম লোকসেৱা আয়োগ? কিয় এটা পৰীক্ষাও ভালদৰে পাতিব নোৱাৰে APSCয়ে? অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ পিছত এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বেমেজালি। দেওবাৰে অনুষ্ঠিত হোৱা শিশু উন্নয়ন প্রকল্প বিষয়াৰ পৰীক্ষাত  ছ’চিয়েল ৱর্কছৰ সলনি আহিল সমাজ শাস্ত্ৰৰ প্ৰশ্ন।

ফলত পৰীক্ষা হলতে বিবুদ্ধিত পৰে হাজাৰ হাৰাজ পৰীক্ষাৰ্থী। উল্লেখ্য যে, সমাজ কল্যাণ বিভাগৰ ৭৩টা শিশু উন্নয়ন প্রকল্প বিষয়াৰ পদৰ নিযুক্তিৰ বাবে ২০১৯ চনৰ ৩ আগষ্টতে বিজ্ঞাপন প্রকাশ কৰিছিল। আৰু প্ৰায় ডেৰ বছৰৰ পিছত অনুষ্ঠিত হৈছিল পৰীক্ষা।

ইতিমধ্যে ইংৰাজী আৰু সাধাৰণ জ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে৷ কিন্তু দেওবাৰে আছিল ঐচ্ছিক বিষয়ৰ পৰীক্ষা ৷ ঐচ্ছিক বিষয়ৰ ভিতৰত আছে ছচিয়েল ৱর্কছ, লেবাৰ এণ্ড ছচিয়েল ৱেলফেয়াৰ, সমাজশাস্ত্ৰ, নৃতত্ব , ক্রিমিন’লজী, চাইল্ড ডেভেলপমেণ্ট, গাৰ্হস্থ্য বিজ্ঞান, নিউটেশ্যন, দৰ্শন আৰু এডুকেশ্যন।

ইয়াৰে ভিতৰত প্ৰায় ১২শ প্ৰাৰ্থীয়ে নিৰ্বাচন কৰিছিল ছচিয়েল ৱৰ্কছ। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়তে ছচিয়েল ৱৰ্কছৰ প্ৰশ্নকাকতৰ সলনি আহে সমাজশাস্ত্ৰৰ প্ৰশ্ন। লগে লগে বিষয়টো শিক্ষাৰ্থীসকলে দৃষ্টিগোচৰ কৰে যদিও কোনো ধৰণৰ পদক্ষেপ নল’লে অসম লোকসেৱা আয়োগে। কিন্তু পিছত লোকসেৱা আয়োগৰ ফালৰ পৰা বেমেজালিৰ বিষয়তো ভালদৰে পৰ্যবেক্ষণ কৰি উচিত সিদ্ধান্ত লোৱা হ’ব বুলি জনাইছে।
Published by: Himangshu Bhuyan
First published: November 9, 2020, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading