মুখ্যপৃষ্ঠা »খবৰ »অসম »APSC Exam: সুকলমে অনুষ্ঠিত হ'ল অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২২

APSC Exam: সুকলমে অনুষ্ঠিত হ'ল অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২২

APSC: এইবাৰ পোন প্ৰথমবাৰৰ উক্ত পৰীক্ষাৰ জৰিয়তে ২৭টা বিভাগ সামৰি এক বৃহৎ নিযুক্তি প্রক্ৰিয়াৰ বাবে অসম লোকসেৱা আয়োগ আগবাঢ়িছে ৷ এই ২৭টা সেৱাৰ ভিতৰত ১৫টা সেৱা নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে পৰীক্ষাত ।

APSC: এইবাৰ পোন প্ৰথমবাৰৰ উক্ত পৰীক্ষাৰ জৰিয়তে ২৭টা বিভাগ সামৰি এক বৃহৎ নিযুক্তি প্রক্ৰিয়াৰ বাবে অসম লোকসেৱা আয়োগ আগবাঢ়িছে ৷ এই ২৭টা সেৱাৰ ভিতৰত ১৫টা সেৱা নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে পৰীক্ষাত ।

APSC: এইবাৰ পোন প্ৰথমবাৰৰ উক্ত পৰীক্ষাৰ জৰিয়তে ২৭টা বিভাগ সামৰি এক বৃহৎ নিযুক্তি প্রক্ৰিয়াৰ বাবে অসম লোকসেৱা আয়োগ আগবাঢ়িছে ৷ এই ২৭টা সেৱাৰ ভিতৰত ১৫টা সেৱা নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে পৰীক্ষাত ।

  • Share this:
২৬ মাৰ্চ দেওবাৰে অসমৰ ৩১খন জিলাৰ মুঠ ১০২টা কেন্দ্রত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২২ সুকলমে সম্পন্ন হয় । এই পৰীক্ষাৰ জৰিয়তে নিযুক্তি হ'বলগীয়া ৯১৩টা পদৰ বাবে ৭৪,৩৬৮ গৰাকী প্রার্থীয়ে আবেদন দাখিল কৰিছিল । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আবেদন কৰিছিল প্রায় ৪২,৩২০ গৰাকী পুৰুষ, ৩২,০৪৫ গৰাকী মহিলা আৰু ৩ গৰাকী তৃতীয় লিংগৰ প্রার্থীয়ে । ইয়াৰ মাজত ৬৬৭ গৰাকী দিব্যাংগ প্রার্থীও আছে ।

APSC পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ভিতৰত স্নাতকোত্তৰ প্রার্থী ২০,১৬২ গৰাকী আৰু ২৫৮ গৰাকী ডক্টৰেট ডিগ্রী প্রার্থী আছে । উল্লেখযোগ্য যে, পোন প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত প্ৰাক্তন সৈনিকৰ বাবে সংৰক্ষিত পদৰ বাবে মুঠ ১২১ গৰাকী প্রার্থীয়ে আবেদন কৰিছে ।

এইবাৰ পোন প্ৰথমবাৰৰ উক্ত পৰীক্ষাৰ জৰিয়তে ২৭টা বিভাগ সামৰি এক বৃহৎ নিযুক্তি প্রক্ৰিয়াৰ বাবে অসম লোকসেৱা আয়োগ আগবাঢ়িছে ৷ এই ২৭টা সেৱাৰ ভিতৰত ১৫টা সেৱা নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে পৰীক্ষাত । ইয়াৰ ভিতৰত অসম নগৰ প্ৰশাসনিক সেৱা (১০৩টা পদ), সংখ্যালঘু উন্নয়ন বোর্ডৰ সহকাৰী গৱেষণা বিষয়া (১টা পদ), জলসিঞ্চন বিভাগৰ সহকাৰী গৱেষণা বিষয়া (১টা পদ) তথা গৱেষণা সহায়ক (৩টা পদ), ঔদ্যোগিক ন্যায়াধিকীৰণ পঞ্জীয়ক (১টা পদ), পঞ্জীয়ন বিভাগৰ উপ-পঞ্জীয়ক (১০টা পদ), সহকাৰী নিৰীক্ষণ বিষয়া (৭৭টা পদ), সহকাৰী গাণনিক বিষয়া (৪১৫টা পদ), মাধ্যমিক শিক্ষা বিভাগৰ গাইডেন্স কাউন্সিলাৰ (১টা পদ),  কাবিলা ১টা পদ), সহকাৰী জন সংযোগ বিষয়া (১টা পদ)  আদি অন্যতম ।

এই পৰীক্ষা UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ লেখীয়াকৈ জি এছ পেপাৰ -১ আৰু জি এই পেপাৰ আৰ্হিত মুঠ 800 নম্বৰৰ বাবে অনুষ্ঠিত কৰা হয় ।  উক্ত পৰীক্ষাৰ বিজ্ঞাপন বিগত বৰ্ষৰ ২২ ডিছেম্বৰত পোন প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হৈছিল আৰু আবেদন প্রপত্ৰ জমা দিয়াৰ অন্তিম দিন আছিল বিগত ১০ ফেব্ৰুৱাৰী ৷

দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত মুঠ ৩১ গৰাকী নডেল বিষয়া, ১৩২ গৰাকী পৰ্য্যবেক্ষক, ৩৮৮গৰাকী সহকাৰী পৰ্য্বেক্ষক, ৩৮৬১ গৰাকী তত্ত্বাবধায়ক, ৫৭০ গৰাকী কেৰাণী, ৭৭৭ গৰাকী পিয়ন, ১৩২ গৰাকী ছাব-ইন্সপেক্টৰ, ৭৯২ গৰাকী আৰক্ষী কৰ্মী আৰু ২৬৪ গৰাকী নাৰ্ছ প্রত্যক্ষভাৱে জড়িত আছিল বুলি সদৰি কৰে অসম লোকসভা আয়োগে । লোকসেৱা আয়োগৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে যথেষ্ট প্রার্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হয় ।

শেহতীয়া বাতৰি