News18 AssamNews18 Assam
|
News18-Assam Updated:December 25, 2020, 11:47 AM IST
এই ফলাফলত ১৩৫গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় ACS ৰূপে।
এই ফলাফলত ১৩৫গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় ACS ৰূপে।
ঘোষণা কৰা হ’ল APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (২০১৮)ৰ ফলাফল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বৃহস্পতিবাৰে অসম লোকসেৱা আয়োগে ঘোষণা কৰিলে ফলাফল। এই ফলাফলত ১৩৫গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় ACS ৰূপে। ৫৫গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় অসম ভূমি আৰু ৰাজহ সেৱালৈ। অসম আৰক্ষী সেৱালৈ নিৰ্বাচিত হয় ৮গৰাকী প্ৰাৰ্থী।
ইয়াৰ উপৰি কৰ অধীক্ষক পদত ১০ গৰাকী, আবকাৰী অধীক্ষক পদত এগৰাকী, সহকাৰী নিয়োগ বিষয়াৰ পদত দুগৰাকী, শ্ৰম পৰিদৰ্শক পদত ১০ গৰাকী, কৰ পৰিদৰ্শক পদত ৩১ গৰাকী আৰু আবকাৰী পৰিদৰ্শক পদত তিনিগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে।

APSCৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰে গোলাঘাটৰ কংকন জ্যোতি শইকীয়াই । গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত হৈ আছিল শইকীয়া। কংকন জ্যোতি শইকীয়াৰ সাফল্যত উৎফুল্লিত গোলাঘাটবাসী।
www.apsc.nic.in ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল।