মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাত স্থান লাভ কৰা নিৰ্মালী বৰ্মনক নলবাৰীত সম্বৰ্দ্ধনা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাত স্থান লাভ কৰা নিৰ্মালী বৰ্মনক নলবাৰীত সম্বৰ্দ্ধনা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাত স্থান লাভ কৰা নিৰ্মালী বৰ্মনক নলবাৰীত সম্বৰ্দ্ধনা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাত স্থান লাভ কৰা নিৰ্মালী বৰ্মনক নলবাৰীত সম্বৰ্দ্ধনা

উত্তৰ গোৱালপাৰা চুবুৰী নিবাসী ধীৰেন বৰ্মন আৰু সৰলা বৰ্মনৰ সুযোগ্য জীয়ৰী কৃতি ছাত্ৰী নিৰ্মালী বৰ্মনক উত্তৰ গোৱালপাৰা চুবুৰীৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও সম্বৰ্দ্ধনা জনায়।

  • Share this:
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাত ৫৬ সংখ্যক স্থানত উত্তীৰ্ণ হোৱা নিৰ্মালী বৰ্মনক উষ্ম সম্বৰ্দ্ধনা জনালে নলবাৰীৰ জিলাৰ উত্তৰ গোৱালপাৰা গাওঁবাসীয়ে।

অত্যন্ত মেধাসম্পন্ন নিৰ্মালীক প্ৰথমতে গাঁওবাসীয়ে ঢোলে-দগৰে ল'ৰালি কালত পঢ়া স্কুল উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়লৈ আদৰি আনে। উত্তৰ গোৱালপাৰা চুবুৰী নিবাসী ধীৰেন বৰ্মন আৰু সৰলা বৰ্মনৰ সুযোগ্য জীয়ৰী কৃতি ছাত্ৰী নিৰ্মালী বৰ্মনক উত্তৰ গোৱালপাৰা চুবুৰীৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও সম্বৰ্দ্ধনা জনায়।

উল্লেখযোগ্য যে গামোছা, শৰাই, জাপি, গছপুলিৰে উস্ম সম্বৰ্দ্ধনা জনাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজ্বলি উঠা কৃতি ছাত্ৰী গৰাকীক। বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কৰ্মচাৰী চন্দন বৰ্মনে আঁতধৰা আৰু বিশিষ্ট চিকিৎসক ডাঃ প্ৰতুল ভাগৱতীৰ সভাপতিত্বত উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে গোৱালপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰ নাথ শৰ্মা, প্ৰধান শিক্ষক মানবেন্দ্ৰ শৰ্মা, শিক্ষাবিদ লক্ষীকান্ত তালুকদাৰ, উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা বৰ্মন, জাগাৰা হাইস্কুলৰ শিক্ষক উপেন তালুকদাৰ, সমাজকৰ্মী চান মহম্মদ আলিৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি।

শেহতীয়া বাতৰি