আৰ্থিক অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। তাৰ পিছতো চৰকাৰৰ নাই কোনো দায়িত্ববোধ।
আৰ্থিক অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। তাৰ পিছতো চৰকাৰৰ নাই কোনো দায়িত্ববোধ।
ধৈৰ্যৰ বান্ধ চিঙিছে ৰঙিয়াৰ এপ'ল মিলৰ ৩৯৪ কৰ্মচাৰীৰ। চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰা ভিআৰএছৰ পোন্ধৰ কোটি টকা মোকলাই নিদিয়াত ক্ষুব্ধ হৈ পৰিছে কৰ্মচাৰীসকল। স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ভিআৰএছ মোকলাই দিয়াৰ ক্ষেত্ৰত দায়িত্ববোধ গ্ৰহণ নকৰাত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৰ্মচাৰীসকলৰ। সংবাদমেল পাতি বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিলে কৰ্মচাৰীসকলে।
এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ অৱস্থা বৰ্তমান একেবাৰে শোচনীয় হৈ পৰিছে। যোৱা চাৰি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে। যাৰ বাবে মিলৰ প্ৰায় ৩৯৪ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে। দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শ্ৰমিক-কৰ্মচাৰীয়ে।
আৰ্থিক অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। তাৰ পিছতো চৰকাৰৰ নাই কোনো দায়িত্ববোধ। এইসকল কৰ্মচাৰীৰ ভিতৰত কোনোবাই যদি দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিছে , তেন্তে আন কোনোবাই আকৌ হোটেলত বাচন-বৰ্তন ঢুই পৰিয়াল চলাব লগীয়া হৈছে। প্ৰতিবাদ, আন্দোলন কৰাৰ পিছত চৰকাৰে আশ্বাস, প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু আজিলৈ মিলটো কাৰ্যক্ষম নকৰিলে।
এপ'ল মিলৰ কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান – এদিনৰ ভিতৰত এপ'ল মিলৰ কৰ্মচাৰীসকলৰ ভি আৰ এছ মোকলাই দিয়ক চৰকাৰে। নহলে এদিন পিছত ৰাজহুৱাকৈ শ্ৰমিকসকলে ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন গঢ়ি তোলাৰ পিছতো যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে ৰাজহুৱাকৈ আত্মজাহৰ দৰে পথ বাছি লব এ'পল কৰ্মচাৰীয়ে। তাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি মন্তব্য কৰে সংবাদমেলত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|