• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত পুনৰ এপ'ল মিলৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, আছুৰ সহযোগত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰঙিয়াত পুনৰ এপ'ল মিলৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, আছুৰ সহযোগত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

এসপ্তাহ পূৰ্বে গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্য‍সূচীত কামৰূপৰ উপায়ুক্তই এসপ্তাহৰ ভিতৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

এসপ্তাহ পূৰ্বে গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্য‍সূচীত কামৰূপৰ উপায়ুক্তই এসপ্তাহৰ ভিতৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

এসপ্তাহ পূৰ্বে গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্য‍সূচীত কামৰূপৰ উপায়ুক্তই এসপ্তাহৰ ভিতৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

  • Share this:
    ৰঙিয়াত পুনৰ এপ'ল মিল কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। এপ'ল মিল পুনৰুজ্জীৱিত কৰা অথবা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ দাবীত এপ'ল কৰ্মচাৰী আৰু আছুৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। প্ৰতিবাদৰ সময়চোৱাত শ শ যান-বাহন আৱদ্ধ হৈ পৰে ঘাইপথত। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

    এসপ্তাহ পূৰ্বে গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্য‍সূচীত কামৰূপৰ উপায়ুক্তই এসপ্তাহৰ ভিতৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এসপ্তাহৰ পিছতো কোনো ফল লাভ নকৰা বাবে বৃহস্পতিবাৰে পুনৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শ্ৰমিক সকলে। বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত স্থানীয় বিধায়ক ভৱেশ কলিতাই মিলটোৰ বিষয়টো উপস্থাপন কৰিব নোৱাৰাৰ বাবেও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।

    প্ৰায় চাৰি বছৰ ধৰি বহুবাৰ মিলটো খোলাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজেও বিক্ষোভ প্ৰদৰ্শন কৰে এপ'ল মিলৰ সন্মুখত। লগতে তেওঁলোকে চৰকাৰক সকীয়াই দিয়ে যে ইয়াৰ পিছতো তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব, যদিহে মিলটো সোনকালে কাৰ্যক্ষম কৰি তোলা নহয় বা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ লোৱাৰ সুবিধা কৰি দিয়া নহয়।
    Published by:Sanjay Kumar Das
    First published: