ৰঙিয়াত এপ'ল মিল কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, সমূহীয়া আত্মজাহৰ হুংকাৰ

চৰকাৰে চাৰি বছৰ ধৰি বন্ধ হৈ থকা এপ’ল মিল পুনৰ কাৰ্যক্ষম কৰাৰ বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে।
চৰকাৰে চাৰি বছৰ ধৰি বন্ধ হৈ থকা এপ’ল মিল পুনৰ কাৰ্যক্ষম কৰাৰ বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে।
- News18 Assam
- Last Updated: December 1, 2020, 12:36 PM IST
প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ, হিমন্ত বিশ্ব হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে চাৰি বছৰ ধৰি বন্ধ হৈ থকা এপ’ল মিল পুনৰ কাৰ্যক্ষম কৰাৰ বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত কৰ্মচাৰীসকলৰ লগতে আছু আৰু স্থানীয় ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰে এপ'ল মিলৰ সন্মুখত।
প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে ভিআৰএছ প্ৰদান নকৰিলে সমূহীয়া আত্মজাহৰ হুংকাৰ দিয়ে। উল্লেখযোগ্য যে যোৱা প্ৰায় চাৰি বছৰৰ পৰা মিলটোৰ উৎপাদন সম্পূৰ্ণ বন্ধ হৈ আছে। যাৰ বাবে মিলটোৰ প্ৰায় ৭০০ কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। ইতিমধ্যে দুজন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছে।