আজি অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে ১২০৮ গৰাকী প্ৰাৰ্থীক। ১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ। অসম চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তি প্ৰক্ৰিয়া।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, স্বাস্থ্য মন্ত্ৰী হিচাপে মই ২০০৬ চনত দায়িত্ব লৈছিলো। এবছৰ বাদ দি ২০২১ চনলৈ মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলো আৰু মুখ্যমন্ত্ৰী হিচাপেও স্বাস্থ্য বিভাগৰ ওপৰত যিমান পাৰো দৃষ্টি ৰাখিবলৈ চেষ্টা কৰো। স্বাস্থ্য বিভাগত খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা ষ্টাফ নাৰ্ছসকলে পালন কৰে। ২০০৬ চনত অসমত প্ৰায় ১০ হাজাৰ ষ্টাফ নাৰ্ছে চাকৰি পোৱা নাছিল। তেতিয়া অসমত নাৰ্ছিং হোমো নাছিল। সেই সময়ত আমি একেলগে জজ খেলপথাৰত ২৬০০ ছোৱালীক জিএনএম নাৰ্ছৰ নিযুক্তি পত্ৰ দিছিলো। তাৰ পিছত অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, চৰকাৰ সকলো মিলি অতি কমেও ১৫ হাজাৰ ছোৱালীয়ে ষ্টাফ নাৰ্ছৰ চাকৰি পাইছে। তাৰ লগে লগে জিএনএম শিক্ষা ব্যাপক কৰি তোলাৰ বাবে জিএনএম স্কুল খুলিবলৈ অনুমতি দিয়া আৰু ৰাজ্য চৰকাৰেও জিএনএম স্কুল খোলাৰ কাৰণে জিএনএম পঢ়া ছোৱালীৰ সংখ্যা যথেষ্ট বেছি। আজি প্ৰত্যেকগৰাকী জিএনএম পাছ কৰা ছোৱালীয়ে হয় চৰকাৰ, নহ’লে নেচনেল হেল্থ মিছন বা প্ৰাইভেট নাৰ্ছিং হোমত চাকৰি পাবলৈ সক্ষম হৈছে।
‘‘এতিয়া আমি জিএনএম ক’ৰ্চ সালসলনি কৰিব বিচাৰিছো, য’ত ইংৰাজী আৰু কম্পিউটাৰ লগতে শিকাম আৰু ভালকৈ শিকাম। যিয়ে ইংৰাজীত কথা ক’ব পাৰে আৰু কম্পিউটাৰত কাম কৰিব পাৰে আৰু তেওঁলোকৰ ব্যৱহাৰ খুব ধুনীয়া হয়, এই তিনওটা গুণৰ অধিকাৰীসকলক তেওঁলোকক ছফ্ট স্কীলপ্ৰাপ্ত স্কীল মেনপাৱাৰ বুলি কোৱা হয়। ছিংগাপুৰ আৰু জাপান চৰকাৰৰ লগত আমি আলোচনা কৰি আছো যে অসমৰ ছোৱালীসকলক ছিংগাপুৰ আৰু জাপানলৈ জিএনএম নাৰ্ছ হিচাপে পঠাব পাৰো নেকি? এইবাৰ ছিংগাপুৰ চৰকাৰে ২০০ ছোৱালীক উত্তৰ–পূবৰ পৰা নিবৰ বাবে চেষ্টা কৰিছে। আমি যদি এইক্ষেত্ৰত সফল হওঁ তেতিয়াহ’লে ভৱিষ্যতে অসমৰ ছাত্ৰী সমাজৰ বাবে বা ছোৱালীসকলৰ বাবে বছৰতি ২০০০–৩০০০ চাকৰি বিশ্বৰ বিভিন্ন দেশলৈ যোৱাৰ পথ খোল খাব। ভৱিষ্যতে ছোৱালীসকলৰ বহুখিনি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।
নিযুক্তি পোৱা নাৰ্ছসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিসকল ছোৱালীয়ে আমাৰ নাৰ্ছ পঢ়ে তেওঁলোক সাধাৰণতে দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। আমাৰ মেডিকেলত কোন আহে? দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহ আহে। আমাৰ দেউতা–মাৰ যেতিয়া বেমাৰ হয় বা আমাৰ দেউতা–মাই কিমান কষ্ট কৰি আমাক নাৰ্ছ পঢ়ুৱাইছে, এই কষ্টখিনি আমাতকৈ ভালকৈ কোনোবাই বুজিব পাৰে নেকি? কিন্তু আমি চাকৰি পোৱাৰ পিছত আমাৰ ব্যৱহাৰ কেনেকৈ হঠাৎ ব্যৱহাৰ বেয়া হৈ যায়? কিন্তু ভৰিৰ তলৰ মাটি, আমি কোন সমাজৰ পৰা আহিছিলো, সেইখিনি আমি এৰি দিব নালাগে। মানুহৰ ব্যৱহাৰ যেতিয়া বেয়া হয়, তেতিয়া আমাৰ আত্মাটো লেতেৰা হৈ যায়। কাপোৰক পৰিষ্কাৰ কৰাৰ নিয়ম হ’ল চাবোন আৰু আত্মাক পৰিষ্কাৰ কৰা কাম হ’ল পৱিত্ৰ কামসমূহ। মই সকলোকে অনুৰোধ কৰিছো, বেয়া ব্যৱহাৰ যাতে নকৰো। হাঁহি থাকিব লাগে। কামত কাজিয়া লাগিলে ঘৰতো লাগিব। মুখখন যদি কাম বেয়া হৈ যায়, ঘৰতো বেয়া হ’ব।’’
মুখ্যমন্ত্ৰীয়ে কয়, স্বাস্থ্য বিভাগত সদায় সম্প্ৰসাৰণ চলি আছে। অহা দুই এদিনত আমাৰ তিনিখন মেডিকেল কলেজৰ বিজ্ঞাপন ওলাব। তাতো ১০০ গৰাকীকৈ জিএনএমৰ চাকৰি ওলাব। অহাবাৰ গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ কাম হ’ব। তিনিচুকীয়াত হ’ব, চৰাইদেউত হ’ব, বিশ্বনাথত হ’ব, লাহেকৈ বঙাইগাঁও, গোলাঘাট, মৰিগাঁও, ধেমাজি আদিত মেডিকেল কলেজ বাঢ়ি বাঢ়ি গৈ থাকিব। এনএইচএমতো আমি চাকৰি কৰিব পাৰিম আৰু এনএইচএমৰ পৰা চৰকাৰলৈ গৈ থাকিব পাৰিম। গতিকে আমাৰ কেৰিয়াৰৰ কাৰণে চিন্তা কৰিব নালাগে। সদায় শিকি শিকি গৈ থাকিব, লাগে যাতে আমি নিজকে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰো।
ড০ শৰ্মাই কয়, ‘‘সকলোৱে জানে যে আমি ১ লাখ চাকৰি দিয়াৰ লক্ষ্যৰ পণ লৈ কাম কৰি আছো। স্বাস্থ্য বিভাগত ইতিমধ্যে বহু নিযুক্তি নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত দিবলৈ সক্ষম হৈছো। ১ লাখ চাকৰিৰ গোটেই প্ৰচেষ্টা আমাৰ স্বাস্থ্য বিভাগত প্ৰায় ১২ হাজাৰ নিযুক্তি দিবলৈ সক্ষম হ’ম। ’’
‘‘আজি আমি অসম আৰক্ষীত ৭২ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰিছো। ১৯৮৮ৰ পৰা অসমত শান্তিৰ পৰিৱেশত যথেষ্ট বাধা আছিল। অসমত আলফাৰ আন্দোলন আৰম্ভ হ’ল, এনডিএফবি হ’ল, বিএলটি হ’ল, কাৰ্বি আংলঙত সন্ত্ৰাসবাদ আহিল, ডিমা হাছাওত সন্ত্ৰাসবাদ আহিল, আদিবাসী অঞ্চলত সন্ত্ৰাসবাদ আহিল, প্ৰায় ৯৬ৰ পৰা ২০০৫লৈ, এই ১০ বছৰত অসমৰ প্ৰতিটো কমিউনিটীতে একোটাকৈ সশস্ত্ৰ সংগ্ৰামী দল উঠি আহিছিল। বিশেষকৈ আলফা আৰু বড়ো সমাজৰ পৰা ওলাই অহা সশস্ত্ৰ সংগ্ৰামীসকলৰ প্ৰত্যাহ্বান যথেষ্ট কষ্ট আছিল আৰু যথেষ্ট প্ৰত্যাহ্বানমূলক সময় আছিল। সেই সময়ত অসম আৰক্ষীৰ বহু জোৱানৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছিল। অসম আৰক্ষীত এইধৰণে ৪ শৰো অধিক শ্বহীদ পৰিয়াল আছে। এটা সময়ত চৰকাৰে শ্বহীদ পৰিয়ালসমূহক লগে লগে নিযুক্তি পত্ৰ দিছিল। কিন্তু পিছলৈ নিযুক্তি পত্ৰ নিদি আৰ্থিক সাহায্য দিয়া আৰম্ভ কৰিছিলো। কিন্তু সদায় মনত এটা দুখ থাকি গৈছিল যে এই পৰিয়ালকেইটা ক’ৰবাত আমি যেন ভালকৈ চাব পৰা নাই। চৰকাৰ যেন নিজৰ দায়িত্ব পালন ক’ৰবাত নহয় ক’ৰবাত ব্যৰ্থ হৈছে। আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত অসম–মিজোৰাম সীমান্তত ৬গৰাকী আৰক্ষী জোৱানৰ মৃত্যু হৈছিল। এসপ্তাহৰ ভিতৰতে আমি তেওঁলোকৰ পৰিয়ালক নিযুক্তি পত্ৰ দিছো। কিন্তু আমাৰ পুৰণি ৪২২ গৰাকীৰ পৰিয়ালক আমি নিযুক্তি পত্ৰ দিব পৰা নাছিলো।’’ – মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ভাষণত।
‘‘মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আমি সঘনাই যেতিয়া আৰক্ষীৰ লগত বহিছিলো তেতিয়া আমি এটা চিন্তা কৰিছিলো যে এই ৪২২টা পৰিয়ালক আমি কেনেকৈ ন্যায় দিব পাৰো। কিন্তু চৰকাৰী মেৰপেঁচ এনেকুৱা যে ৩ বছৰ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকক আমি নিযুক্তি দিব নোৱাৰো। লাহে লাহে আমি চৰকাৰী ৰঙাফিটাৰ মেৰপাক খুলি খুলি এই নিযুক্তি দিয়াৰ পথত আগবাঢ়িছিলো। যোৱা কেবিনেটত ৪২২টা পৰিয়ালক এই ধৰণে নিযুক্তি পত্ৰ দিয়াৰ বাবে অনুমোদন জনাইছিলো। তেওঁলোকৰ কাগজ–পত্ৰ পৰীক্ষা কৰাৰ কাম চলি আছে। আজি আমি তাৰ ভিতৰত ৭২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলো। মোৰ বিশ্বাস, গৃহ বিভাগে বাকীসকলকো বিবেচনা কৰি অহা দুমাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2023, 15:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|