হাতত অস্ত্ৰ তুলি ল'লেই সমস্যাৰ সমাধান নহয় । ইয়াৰ দ্বাৰা নিজকে ধ্বংস কৰাৰ লগতে সমাজ এখনকো ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া হয়। গতিকে তেনেকুৱা পৰিবেশ আমি আৰু নিবিচাৰোঁ বুলি মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো (Pramod Bodo)ই।
আজি কোকৰাঝাৰ (Kokrajhar) জিলাৰ ভাৰত-ভূটান সীমান্তৰ উল্টাপানীৰ লুংচুং বনাঞ্চলত আৰক্ষীৰ সৈতে সংঘৰ্ষ (Encounter with Police)ত নিহত জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ পৰিয়ালৰ সদস্যক বিটিআৰ (BTR) পৰিষদৰ তৰফৰ পৰা নিযুক্তি পত্ৰ (Appointment Letter) প্ৰদান কৰি তেওঁ এই মন্তব্য কৰে ।মুখ্য কাৰ্যবাহী বড়োৱে লগতে সকলোকে এটা সুন্দৰ শান্তিৰ পৰিবেশ গঢ় লৈ উঠা বড়োভূমিৰ পৰা হত্যা হিংসা, বন্দুক-বাৰুদ অস্ত্ৰ-শস্ত্ৰৰ সংস্কৃতি চিৰদিনৰ বাবে বিদায় দিয়াৰ আহ্বান জনায় ।
আনপিনে এটা সময়ত অবড়ো সংগঠন সমূহৰ লগত বহুত মতানৈক্য আছিল বুলি সদৰি কৰি আজিৰ দিনত জিএছপি (GSP)কে ধৰি বিভিন্ন অবড়ো সংগঠনৰ সৈতে বুজা বুজি হৈছে বুলিও কয় প্ৰমোদ বড়োৱে । শান্তিৰ পৰিবেশ গঢ় লৈ উঠাৰ লগে লগে বিভিন্ন দিশত উন্নয়ন সাধন হৈছে বুলি তেওঁ দাবী কৰে ।
উল্লেখযোগ্য যে ১৭ ছেপ্টেম্বৰত আৰক্ষীৰ গুলীত নিহত হোৱা জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ পৰিয়ালৰ সদস্যক বিটিআৰৰ বন বিভাগত নিযুক্তি দিয়া কৰা হয় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|