১ আগষ্টত মুকলি হ'ব নিৰ্বাচন আয়োগৰ নতুন প্ৰ-পত্ৰ। এই নতুন প্ৰ-পত্ৰৰ জৰিয়তে আধাৰ লিংকৰ সুবিধা থাকিব। এতিয়াৰ পৰা বছৰত চাৰিবাৰকৈ নিৰ্বাচন আয়োগত নাম পঞ্জীয়ন কৰিব পাৰিব। জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰৰ ১ তাৰিখত পঞ্জীয়ন কৰিব পাৰিব। প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে দাখিল কৰিব পাৰিব আবেদন। পূৰ্বে প্ৰতিবছৰৰ ১ জানুৱাৰীতহে আবেদনৰ সুবিধা আছিল। এতিয়াৰে পৰা ১এপ্ৰিল , ১জুলাই আৰু ১ অক্টোবৰতো আবেদনৰ সুবিধা উপলদ্ধ হ'ব । ১৮ বছৰ হোৱাৰ পূৰ্বেই আবেদন কৰি থৈ দিব পাৰিব। ১৮ বছৰ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ এডমিট কাৰ্ড লাভ কৰিব।
এটা সমষ্টিতে ভোটাৰৰ নাম থাকিব লাগে, তাৰ বাবে ভোটাৰ কাৰ্ডৰ লগত আধাৰ লিংক কৰিবলৈ আয়োগে আহ্বান জনাইছে। ১ আগষ্টত মুকলি হ'ব লগা নতুন প্ৰ-পত্ৰত থাকিব চাৰিটা পৃষ্ঠা। নতুন ভোটাৰৰ বাবে ব্যৱহাৰ হ'ব ৬ নম্বৰ প্ৰ-পত্ৰ। ৬(খ) নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ হ'ব আধাৰ লিংকৰ বাবে। নাম শুধৰণিৰ বাবে ব্যৱহাৰ হ'ব ৮ নম্বৰ প্ৰ-পত্ৰ। নাম কৰ্তনৰ বাবে ব্যৱহাৰ হ'ব ৭ নম্বৰ প্ৰ-পত্ৰ। অনলাইন পদ্ধতিৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য।
১ আগষ্টৰ পৰা আৰম্ভ হ'ব ভোটাৰ তালিকাত আধাৰ লিংকৰ প্ৰক্ৰিয়া। ইয়াৰ বাবে সলনি হ'ব ভোটাৰ তালিকাৰ প্ৰ-পত্ৰ। ৪ নবেম্বৰৰ পৰা আৰম্ভ হ'ব ভোটকেন্দ্ৰৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া। ২ কিলোমিটাৰ ব্যাসাৰ্ধত এটাকৈ স্থাপন হ'ব ভোটকেন্দ্ৰ। ৫ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ১৭ বছৰ উৰ্ধৰ সকলোৱে দাখিল কৰিব পাৰিব আবেদন। চাকৰিয়ালৰ কাৰণে উপলব্ধ হ'ব বিশেষ সুবিধা। এইক্ষেত্ৰত ভোটাৰক সহযোগ কৰিব BLO সকলে।ভোটাৰ তালিকাত আধাৰ লিংক বাধ্যতামূলক নহয়। দুঠাইত নাম থকা সকলক চিনাক্ত কৰাৰ বাবেহে এই প্ৰক্ৰিয়া। বৰ্তমানে ৰাজ্যত আছে ২,৩৮,২৫,৫২২ জন ভোটাৰ। ইয়াৰে নতুন ভোটাৰ ১,২৬,২১৮ জন। শনিবাৰে কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাড়ে সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|