প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি গুৱাহাটীৰ খানাপাৰাত ২২ হাজাৰ নিবনুৱাক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে। বহু পৰিয়ালৰ মুখত বিৰিঙিল হাঁহি। পিছে এই দিনটোতেই স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে কাল অমানিশা নামি আহিল দুই শতাধিক অসমীয়া যুৱক-যুৱতীৰ জীৱনলৈ।
আজি স্বাস্থ্য বিভাগে (Health Department) অটল অমৃত অভিযানৰ অধীনত ৪২৯গৰাকী প্ৰাৰ্থীক আয়ুস্মান মিত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে। কিন্তু বিগত ৪ বছৰে আয়ুস্মান মিত্ৰ হিচাপে অসমৰ বিভিন্ন জিলাসমূহত নিয়োজিত আয়ুস্মান মিত্ৰক (Ayushman Mitra) কোনো কাৰণ নোহোৱাকৈ হঠাৎ চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰিলে ১৩ মে'ত।
বিগত ৪ বছৰে অটল অমৃত অভিযানত নিয়োজিত যুৱক-যুৱতীসকলে স্বাস্থ্য বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অৱগত কৰিবলৈ খানাপাৰা খেলপথাৰত উপস্থিত হৈছিল যদিও নিৰাপত্তাজনিত কাৰণৰ দোহাই দি তেওঁলোকক লগ কৰিবলৈ দিয়া নহ'ল।
আজি কৰ্মসংস্থাপন হেৰুওৱা মনোজ বৰা নামৰ আয়ুস্মান মিত্ৰগৰাকীয়ে নিউজ১৮ৰ সন্মুখত চকুলো টুকি কয়, "কেইমাহমানৰ পিছত মোৰ ভণ্টিৰ বিয়া। দৰমহাৰ টকাকেইটা ভণ্টিৰ বিয়াৰ বাবে গোটাইছিলোঁ। কিন্তু চৰকাৰখনে মোক চাকৰিৰ পৰা খেদি সকলো শেষ কৰিলে। ক'ভিডৰ সময়ত আমিও যথেষ্ট বিপদৰ মাজতো সেৱা আগবঢ়াইছিলোঁ। কিন্তু তাৰ পৰিণাম স্বৰূপে আমাৰ লগত এই চৰম অন্যায় কৰিলে চৰকাৰখনে। আমাক আমাৰ চাকৰি ঘূৰাই দিয়ক।"
একেদৰে দুটি সন্তানৰ মাতৃ এগৰাকী আয়ুস্মান মিত্ৰই ক'লে, "এইটো চাকৰি কৰিয়ে আমি পৰিয়াল চলাইছিলোঁ। এতিয়া মোৰ সন্তানকেইটিক কি খুৱাম। আমাক চাকৰি ঘূৰাই দিয়ক নহ'লে আত্মহত্যা কৰিবলৈ অনুমতি দিয়ক।"
উল্লেখযোগ্য যে ১২ মে'ৰ নিশাৰ পৰাই অনাহাৰে-অনিদ্ৰাই মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি এইসকল যুৱক-যুৱতীয়ে গুৱাহাটীত বাহৰ পাতিছে। লক্ষীমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, তেজপুৰ আদি বিভিন্ন ঠাইৰ পৰা যোৱা আয়ুস্মান মিত্ৰই মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি হাহাকাৰ কৰিছে। চাকৰি হেৰুওৱা আয়ুস্মান মিত্ৰসকলে অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়াকো চাকৰি বিচাৰি কাকূতি-মিনতি কৰিছিল যদিও তেওঁ সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) বাহিৰে আন কোনেও একো কৰিব নোৱাৰে বুলি সমিধান দি তাৰ পৰা আঁতৰাই পঠাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|