ৰাজ্য চৰকাৰে মুকলি কৰিলে ‘আপোনাৰ আপোন ঘৰ’ আঁচনি, চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈয়ে পাব ঋণ

এই ঋণ লোৱাৰ বাবে দিব নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। কেৱল অসম বা উত্তৰ–পূবৰ বাসিন্দা হ’লেই ল’ব পাৰিব এই ঋণ।

News18-Assam
Updated:September 25, 2019, 1:13 PM IST
ৰাজ্য চৰকাৰে মুকলি কৰিলে ‘আপোনাৰ আপোন ঘৰ’ আঁচনি, চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈয়ে পাব ঋণ
এই ঋণ লোৱাৰ বাবে দিব নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। কেৱল অসম বা উত্তৰ–পূবৰ বাসিন্দা হ’লেই ল’ব পাৰিব এই ঋণ।
News18-Assam
Updated: September 25, 2019, 1:13 PM IST
ৰাজ্য চৰকাৰে মুকলি কৰিলে অভিলাষী আঁচনি ‘আপোনাৰ আপোন ঘৰ’। সংবাদমেলযোগে এই আঁচনিৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কোনো চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈয়ে, কোনো বিষয়াক সাক্ষাৎ নকৰাকৈ লাভ কৰিব গৃহ ঋণ।

হিমন্ত বিশ্ব শৰ্মাই কয় – ১ এপ্ৰিল ২০১৯ৰ পৰা ৰূপায়ণ হৈছে এই আঁচনিখন। ১ এপ্ৰিল ২০১৯ৰ পৰা ৩১ মাৰ্চ ২০২০লৈ যিসকলে বেংকৰ পৰা ঋণ ল’ব তেওঁলোকৰ বাবে এই আঁচনিখন প্ৰযোজ্য হ’ব। ৰাজ্য চৰকাৰে মুকলি কৰা ৱেবছাইটৰ জৰিয়তে গ্ৰাহকে কৰিব পাৰিব আবেদন। এই ঋণ লোৱাৰ বাবে দিব নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। কেৱল অসম বা উত্তৰ–পূবৰ বাসিন্দা হ’লেই ল’ব পাৰিব এই ঋণ। পতি–পত্নীয়ে যৌথভাৱেও ল’ব পাৰিব ঋণ।

চৰকাৰী–বেচৰকাৰী সকলো লোকেই লাভ কৰিব এই ঋণ। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৫ৰ পৰা ১০ লাখ টকাৰ ঋণত লাভ কৰিব ১ লাখৰ ৰাজসাহায্য। ১০ৰ পৰা ২০ লাখৰ ঋণত পাব ডেৰ লাখ টকা ৰাজসাহায্য। ২০ৰ পৰা ৩০ লাখ টকা ঋণ ল’লে পাব ২ লাখ টকাৰ ৰাজসাহায্য। ৩০ৰ পৰা ৪০ লাখ টকাৰ ঋণত আঢ়ৈ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিব গ্ৰাহকে। শিক্ষামূলক ঋণৰ বাবে ‘অভিনন্দন’ নামৰ আঁচনিখনো মুকলি কৰে ৰাজ্য চৰকাৰে।



 
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি