অসমীয়াৰ প্ৰত্যাশা পূৰণ হ’ব নে? APLৰ  সঞ্চালকৰ দায়িত্ব অৰ্পণ বিকুল ডেকাক 

News18 Assam | News18-Assam
Updated:March 25, 2020, 11:58 AM IST
অসমীয়াৰ প্ৰত্যাশা পূৰণ হ’ব নে? APLৰ  সঞ্চালকৰ দায়িত্ব অৰ্পণ বিকুল ডেকাক 
মঙলবাৰে দায়িত্ব ল’লে বিকুল ডেকাক।

মঙলবাৰে দায়িত্ব ল’লে বিকুল ডেকাক।

  • Share this:
ৰঙিয়াৰ এপ'ল' মিল বন্ধ হোৱাৰ সাক্ষী হৈছে অসমীয়া ৷ সাক্ষী হৈছে চকুৰ সন্মুখতে বন্ধ হৈ যোৱা নগাঁও আৰু কাছাৰ কাগজ কলৰ ৷ কিন্তু তাৰ মাজতে ASSAM PETROCHEMICLAS LIMITED চমুকৈ APLএ আনিছে আশাৰ বতৰা ৷ এক বৃহৎ আন্দোলন, যাৰ নাম APL, ASSAM PETROCHEMICAL'S LIMITED চমুকৈ APL।যুদ্ধকালীন ব্যস্ততা APLত ৷ সকলো নিজৰ কামত ব্যস্ত ৷ ক'ৰবাত কোনোবাই যদি সামগ্ৰী অনা নিয়াত ব্যস্ত, আন কোনোবাই পৰিচালনা কৰিছে বৃহৎ যন্ত্ৰপাতি ৷

১৯৭১চনত প্ৰতিষ্ঠা হোৱা অসম পেট্ৰ' কেমিকেল লিমিটেডৰ প্ৰথমাৱস্থাত উৎপাদন ক্ষমতা আছিল মাত্ৰ ২১টন ৷ সময়ৰ সোঁতত একমাত্ৰ প্ৰতিষ্ঠানটোৰে জড়িত লোক সকলৰ সদিচ্ছা, কৰ্মস্পৃহাই নতুন মাত্ৰা প্ৰদান কৰি ১০০টন উৎপাদন ক্ষমতালৈ লৈ যোৱা APLত শীঘ্ৰেই ৬০০টনলৈ বৃদ্ধি পাব মিথানল আৰু ফৰ্মেলিনৰ উৎপাদন ৷ বিভিন্ন ৰাজ্যত মিথালনক ইন্ধন হিচাপে ব্যৱহাৰ কৰি খাৰুৱা তেললৈ অহা প্ৰত্যাহ্বানৰ দিয়া হৈছে প্ৰত্যুত্তৰ ৷

ৰাজ্যৰ উদ্যোগটোক অধিক গতিশীলতা দিয়াৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মিথানলৰ সম্ভাৱনীয়তা অতি বেছি ৷ LPGৰ ঠাইত ৰন্ধন গেছ হিচাপে ব্যৱহাৰ কৰিব পাৰি মিথানল ৷ মিথানলৰে চলাব পাৰি জেনেৰেটৰ ৷ মঙলবাৰে APLৰ অধ্যক্ষ হিচাপে নিযুক্ত হ'ল বিজেপি নেতা বিকুল ডেকা ৷ CAA আন্দোলনৰ সময়ত অধ্যক্ষ জগদীশ ভূঞাই এৰিছিল পদবী ৷ ধৈৰ্য আৰু সংযমৰ মাজেৰে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা বিকুল ডেকালৈ আহিল খবৰ ৷ দিয়া হ'ল APLৰ অধ্যক্ষ হিচাপে নিযুক্তি ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি