ৰাজ্যৰ শক্তি বিভাগে সঘনাই সন্মুখীন হ'বলগীয়া হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে একাংশ লোকে বিদ্যুৎ চুৰিৰে ৰাজহ ফাঁকি দিয়াটো। ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বিদ্যুৎ চুৰিৰ জৰিয়তে ৰাজহ ফাঁকি দিয়াৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনাইছিল। লগতে এনে কাৰ্যৰ লগত কোনো জড়িত হোৱাৰ তথ্য লাভ কৰিলে তেনে লোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ গৈ গুৱাহাটী মহানগৰীত আহুকালৰ সন্মুখীন APDCLৰ বিষয়া-কৰ্মচাৰী।
জানিব পৰা মতে, মালিগাঁৱৰ পাণ্ডু ৰে'লৱে বজাৰ এলেকাত বিগত ৪ মাহ পূৰ্বে ASEBৰ বিদ্যুৎ সংযোগী খুটাত GMCৰ ঠিকাদাৰে সংযোগ কৰিছিল ষ্ট্ৰীট লাইট। কিন্তু সেই বিদ্যুৎ সংযোগ অকৰ্তৃত্বশীল বুলি খবৰ লাভ কৰে APDCLৰ জালুকবাৰী উপ-সংমণ্ডল কাৰ্যালয়ে। ইয়াৰ পাছতেই পাণ্ডু ৰে'লৱে বজাৰত উপস্থিত হয় APDCLৰ জালুকবাৰী উপ-সংমণ্ডলৰ সহকাৰী অভিযন্তাসহ বিষয়া কৰ্মচাৰীৰ এটা সঁজাতী দল। APDCLৰ দলটো দেখা মাত্ৰকেই ক্ষুব্ধ হৈ পৰে পাণ্ডুৰ একাংশ লোক উত্তেজিত হৈ পৰে আৰু উত্তেজিত লোকৰ ধমকত APDCLৰ অভিযানকাৰী দলটোৱে আধাতে কাম স্থগিত ৰাখিবলৈ বাধ্য হয়। কেৱল ইমানেই নহয়, একাং বিদ্যুৎ বিচ্ছিন্ন কৰিব লোৱা কৰ্মচাৰীক জখলাৰ পৰা নমাই দিয়াও হয়।
উল্লেখ্য যে, বিদ্যুৎ চুৰি কাৰ্যৰ পৰা বিৰত থাকিবলৈ শক্তিমন্ত্ৰী বিমল বৰাই ৰাজ্যবাসীক বাৰে বাৰে আহ্বান জনাইছিল। বিদ্যুৎ চুৰি কাৰ্যৰ লগত জড়িত লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব দিয়া নিৰ্দেশৰ পাছতেই পূৰ্বতকৈও অধিক তৎপৰ হৈছে বিভাগটো। কিন্তু বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলাবলৈ গৈ পাণ্ডুত আলৈ-আথানি হ’ল APDCLৰ অভিযানকাৰী দলটোৰ। অভিযানৰ অন্তত দলটোৱে ছীজ কৰিলে বজাৰৰ লাইটসমূহৰ বিদ্যুৎ সংযোগত ব্যৱহৃত সা-সামগ্ৰীসমূহ। জানিব পৰা মতে APDCLৰ জালুকবাৰী উপ-সংমণ্ডলে পাণ্ডু ৰে'লৱে বজাৰৰ সম্পাদকলৈ সৰ্বমুঠ ৩২ হাজাৰ ৫৫৫ টকাৰ বিল প্ৰেৰণ কৰিছে। ইয়াৰোপৰি বিদ্যুৎ চুৰি কাৰ্য সন্দৰ্ভত APDCLৰ তৰফৰ পৰা জালুকবাৰী আৰক্ষী থানাত এক গোচৰো দিয়া হৈছে।
ৰাকিবুৰ ৰহমানৰ ৰিপ'ৰ্ট, নিউজ ১৮, অসম_নৰ্থ-ইষ্ট, ২৪ জুন, ২০২১
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|