মুখ্যপৃষ্ঠা »খবৰ »অসম »বঙাইগাঁৱত এপিডিচিএলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ, স্বাস্থ্য বীমাৰ নামত লুটিছিল লাখ লাখ টকা

বঙাইগাঁৱত এপিডিচিএলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ, স্বাস্থ্য বীমাৰ নামত লুটিছিল লাখ লাখ টকা

বঙাইগাঁৱ বৈদ্যুতিক সংমণ্ডলৰ সহঃ জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে আৰক্ষীক দাখিল কৰিছিল এজাহাৰ।

বঙাইগাঁৱ বৈদ্যুতিক সংমণ্ডলৰ সহঃ জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে আৰক্ষীক দাখিল কৰিছিল এজাহাৰ।

বঙাইগাঁৱ বৈদ্যুতিক সংমণ্ডলৰ সহঃ জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে আৰক্ষীক দাখিল কৰিছিল এজাহাৰ।

  • Share this:
ৰাজ্যৰ শক্তি বিভাগত বিয়াগোম স্বাস্থ্য বীমা কেলেংকাৰী! বঙাইগাঁৱৰ অভয়াপুৰীত ভুৱা বিলৰ জৰিয়তে বীমাৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল শক্তি বিভাগৰ কৰ্মচাৰী৷ ধৃত কৰ্মচাৰী এপিডিচিএলৰ অভয়াপুৰী বৈদ্যুতিক উপ–সংমণ্ডলৰ লাইনমেন শুভেন্দ্ৰ ৰায়ে ভুৱা বিলেৰে ৯ লাখ ৪০ হাজাৰ ৮৫৬ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে ৷

সম্প্ৰতি পলাতক হৈ আছে আন এজন কৰ্মচাৰী৷ একে অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জয়ন্ত পাঠক নামৰ কৰ্মচাৰী এজনৰ সন্ধান চলাই আছে যদিও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। জয়ন্ত পাঠকে ৭ লাখ ৯৩ হাজাৰ ১০৯ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

বঙাইগাঁৱ বৈদ্যুতিক সংমণ্ডলৰ সহঃ জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে আৰক্ষীক দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪৭১/৪৬৮/৪০৯/৩৪ ধাৰাৰ অধীনত অভয়াপুৰী আৰক্ষী থানাত ৭২৭/২১ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

শেহতীয়া বাতৰি