মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি বিদ্যুত মাচুল; এক জাননীযোগে এই সিদ্ধান্ত এপিডিচিএলৰ

প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি বিদ্যুত মাচুল; এক জাননীযোগে এই সিদ্ধান্ত এপিডিচিএলৰ

কিন্তু এই মাহৰ ৯ ডিচেম্বৰতে জাৰি হোৱা এই জাননী ৰাজহুৱা কৰা নাছিল বিভাগটোৱে অৰ্থাৎ গোপনে বৃদ্ধি কৰা হৈছে মাচুল

কিন্তু এই মাহৰ ৯ ডিচেম্বৰতে জাৰি হোৱা এই জাননী ৰাজহুৱা কৰা নাছিল বিভাগটোৱে অৰ্থাৎ গোপনে বৃদ্ধি কৰা হৈছে মাচুল

কিন্তু এই মাহৰ ৯ ডিচেম্বৰতে জাৰি হোৱা এই জাননী ৰাজহুৱা কৰা নাছিল বিভাগটোৱে অৰ্থাৎ গোপনে বৃদ্ধি কৰা হৈছে মাচুল

  • Share this:
এপিডিচিএলে ইয়াৰ বিদ্যুত মাচুল বৃদ্ধি কৰিছে। এই কথা এক জাননীৰ যোগেদি জানিব পৰা গৈছে। এই জাননী অনুসৰি এপিডিচিএলে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰিছে। কিন্তু এই মাহৰ ৯ ডিচেম্বৰতে জাৰি হোৱা এই জাননী ৰাজহুৱা কৰা নাছিল বিভাগটোৱে অৰ্থাৎ গোপনে বৃদ্ধি কৰা হৈছে মাচুল। এপিডিচিএলে প্ৰকাশ কৰা এই জাননী অনুসৰি চলিত মাহৰ অৰ্থাৎ ডিচেম্বৰৰ পৰাই গ্ৰাহকে বৰ্ধিত মাচুল দিব লাগিব।

জাননীখনত উল্লেখ আছে যে, সাধাৰণ বিদ্যুৎ উপভোক্তাসকলৰ প্ৰতি সংবেদনশীল হোৱাৰ বাবে সকলো শ্ৰেণীৰ গ্ৰাহকক প্ৰতি ইউনিটত ৩০ পইচাত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সমন্বয় (এফপিপিএ) নৱেম্বৰ'২২ তাৰিখে ব্যৱহাৰ কৰা শক্তিৰ বৰ্ধিত মাচুল ডিচেম্বৰৰ ২০২২ মাহৰ পৰা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নিৰ্ধাৰিত ম্যাদৰ ভিতৰত ব্যৱহাৰৰ ঋতুগত তাৰতম্যৰ বাবে হ্ৰস্ব/অতিৰিক্ত পুনৰুদ্ধাৰ সম্পৰ্কে যিকোনো সাল-সলনি পৰৱৰ্তী সময়ছোৱাত মিলাই লোৱা হ'ব বা এ.ই.আৰ.চি.ৰ দ্বাৰা নিৰ্দেশিত হ'ব পাৰে, সেই প্ৰভাৱৰ বাবে আন অৰ্ডাৰৰ দ্বাৰা সলনি নকৰিলে সমন্বয় কাৰ্যকৰী হৈ থাকিব।

এই জাননীখন বিভাগৰ মুখ্য মহাপ্ৰৱন্ধকে (বাণিজ্যিক আৰু শক্তি দক্ষতা) জাৰি কৰিছে।

শেহতীয়া বাতৰি